নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মাৰ্চ: প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপ ফাইনেলত ভাৰতবৰ্ষৰ নাম সন্নিবিষ্ট কৰি সুনাম কঢ়িয়াই আনিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হ’বলগা এখন মেচ বৰষুণৰ বাবে স্থগিত হোৱাত পইণ্ট তালিকাত ভাৰতীয় মহিলা ক্ৰিকেট দলে সৰ্বোচ্চ পইণ্ট লাভ কৰি শীৰ্ষলৈ গতি কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে।

মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপৰ “গ্রুপ এ” ৰ পইণ্ট অনুযায়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে ৪খন খেলত বিজয়ী হৈ ৮ পইণ্ট লাভ কৰে আৰু ইংলেণ্ডে ৩খন খেলত বিজয়ী হৈ ৬ পইণ্ট লাভ কৰে। পইণ্ট তালিকাত শীৰ্ষত থকাৰ ফলত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে পোনে পোনে ফাইনেলত প্ৰবেশৰ সুবিধা লাভ কৰে। ইয়াৰ পূৰ্বতেও ২০১৮ চনত ভাৰতীয় মহিলা ক্ৰিকেট দলে সুন্দৰ প্ৰদৰ্শনেৰে মহিলাৰ টি-২০ ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেল পৰ্যন্ত অগ্ৰগতি কৰিছিল যদিও ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ৮ উইকেটত পৰাজয় বৰণ কৰিছিল ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী হোৱা দলটোৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে অহা ৮ মাৰ্চত টি২০ মহিলা বিশ্বকাপৰ ফাইনেল খেলখনত অৱতীৰ্ণ হ’ব। ইফালে ক্ৰিকেটপ্ৰেমী ৰাইজে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ পৰা ফোনেলত উন্নত প্ৰদৰ্শনৰ আশা প্ৰকাশ কৰিছে। ক্ৰিকেটপ্ৰেমী ৰাইজ বিশ্বাসী ভাৰতে মহিলা টি-২০ বিশ্বকাপ দখল কৰিবলৈ সক্ষম হ’ব।