নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ এপ্ৰিল : কেৱ গৃহীত হোৱাৰ পাছতহে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কলকাতাত সোমবাৰে সদম্ভে এই কথা ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ।

পুনৰ কেৱ বিৰোধী প্ৰতিজন খিলঞ্জীয়াৰ প্ৰতিবাদত ভেঙুচালি কৰিলে অমিত শ্বাহে। কলকাতাত সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় ” প্ৰথমে কেৱ , তাৰপাছতহে এন আৰ চি । সকলো শৰণাৰ্থীক ভাৰতবৰ্ষৰ নাগৰিকত্ব দিয়া যাব । কেৱক আইনত পৰিণত কৰাৰ পাছতহে হ’ব এন আৰ চিৰ প্ৰক্ৰিয়া । ”

আনহাতে, ২০২০ চনত ৰাজ্যসভাৰ মানচিত্ৰ বদলিব বুলিও ঘোষণা অমিত শ্বাহৰ। শ্বাহে কয় ” মমতা বেনাৰ্জী আৰু কংগ্ৰেছৰ বিৰোধীতাৰ বাবে বিলখন ৰাজ্যসভাত পাছ নহ’ল। ২০২০ চনত ৰাজ্যসভাৰ মানচিত্ৰই বদলিব । আমি এই বিল পাছ কৰাই দেশত যিমান শৰণাৰ্থী আছে সকলোকে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিম আৰু এই বিল আইন হৈ থাকিব। ”

প্রশ্ন হয় , পানীত পেলাব খুজিছে নেকি এন আৰ চিৰ ৩০ হাজাৰ কোটি টকাৰ এই বাজেট ?