ধুবুৰী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰী জিলাৰ চাপৰত বহিষ্কৃত হ’ল ১৭ গৰাকীকৈ পৰীক্ষাৰ্থী।পৰীক্ষাকেন্দ্ৰত নকল কৰি থকা অৱস্থাত ধৰা পৰি চাপৰৰ দুখনকৈ বিদ্যালয়ৰ ১৭ গৰাকী পৰীক্ষাৰ্থী বহিষ্কৃত হ’ল।

সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰী জিলাৰ চাপৰৰ দুখনকৈ বিদ্যালয়ৰ ১৭ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাকেন্দ্ৰত নকল কৰি থকা অৱস্থাত ধৰা পৰি বহিষ্কৃত হ’ব লগা হ’ল। চাপৰৰ বহলপুৰৰ ৰাইজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত ১০ গৰাকী পৰীক্ষাৰ্থী আৰু শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত ৭ গৰাকী পৰীক্ষাৰ্থী নকল কৰি থকা অৱস্থাত ধৰা পেলাই বহিষ্কৃত কৰে ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে। পৰীক্ষাত নকল কৰি ধৰা পৰা পৰীক্ষাৰ্থী সকলক ছেবাৰ নতুন নিয়ম অনুসৰি তিনি বছৰৰ বাবে বহিষ্কৃত কৰা হৈছে।

উল্লেখ্য যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬০টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে মুঠ ৩,৫৮,৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে ১,৯০,৬০৩ গৰাকী।