যোৰহাট

২৭ মার্চ

শনিবাৰে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অমুষ্ঠিত হয়। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পুৱাৰ ভাগৰে পৰা ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পিছৰে পৰা ভোট কেন্দ্ৰ সমূহত দেখা পোৱা গ’ল ৰাইজৰ দীঘলীয়া শাৰী। সম্পূৰ্ণ কভিড প্ৰ’টকল মানি  মুখত মাস্ক  আৰু হাতত গ্লোভচ পিন্ধি ভোটাৰ ৰাইজে ভোট দান কৰে। পুৱাই যোৰহাট বিধানসভা সমষ্টিৰ নিজ নিজ ভোটদান কেন্দ্ৰত ভোটদান কৰে যোৰহাটৰ বিধায়ক তথা বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। 

যোৰহাট সমষ্টিৰ অন্তৰ্গত আদৰ্শ ভোটদান কেন্দ্ৰ তথা যোৰহাটৰ ভি ভি আই পি কেন্দ্ৰ হিচাপে চিহ্নিত দেৱীচৰণ বৰুৱা বিদ্যালয়ৰ ভোটদান কেন্দ্ৰত ভোটদান কৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন সাংসদ দ্বীপ গগৈয়ে। উল্লেখযোগ্য যে এই কেন্দ্ৰটোত পূৰ্বতে ভোটদান কৰিছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে।যোৰহাটৰ নাওসলীয়া এল পি স্কুলত পুৱা ৯ বজাত ভোটদান কৰে যোৰহাটৰ বিধায়ক তথা বিজেপি দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। ভোটদান কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে সাংবাদিকৰ আগত কয় যে, ভোটদানত ৰাইজৰ সঁহাৰি দেখি অভিভূত হৈছোঁ। মই বিচাৰিছিলোঁ যাতে ১০০ শতাংশই ভোট দান কৰক। মানুহৰ মনৰ কথা বিলাক তেতিয়াহে প্ৰতিফলিত হয় আৰু এইবাৰ এই প্ৰতিফলন দেখি অনুভৱ হৈছে পুনৰ বিজেপি দলে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব। মই নিশ্চিত যোৰহাটত বিজেপি পুনৰ জয়ী হ’ব কিয়নো মানুহে যোৰহাটত উন্নয়ন বিচাৰে। আজি যি ভীৰ দেখা পোৱা গৈছে ই পৰিৱৰ্তনৰ ঢৌ নহয়, ই দ্ৰুত উন্নয়নৰ সপক্ষে অহা ঢৌ। গাঁও-নগৰ সকলোতে ৰাইজে উন্নয়ন বিচাৰিছিল। মোৰ কপাল ভাল আছিল যে মই বিধায়ক হলো। উন্নয়নৰ বাবে ধন আহিল। ধন সমূহৰ সদব্যৱহাৰ হ’ল। কতো কোনো দুৰ্নীতি হোৱা নাই। ৰাইজৰ ধন ৰাইজে পাব লাগে ইয়াত কোনো মাজৰ মানুহ নাই আৰু ৰাইজে বুজিছে বা দেখিছে যে কিবা এটা উন্নয়ন হৈছে। মইতো আগতেও বহুদিন বিধায়ক হৈ আছিলোঁ কিন্তু মানুহে মোক এতিয়াৰ দৰে সহযোগ কৰা নাছিল। এইবাৰ মই একেবাৰে ৰিলেক্স মুডত এই সাত নম্বৰ নিৰ্বাচনতো খেলিছোঁ। যিমানে ভোটাৰ আহিব সিমানে আমাৰ মাৰ্জিন বাঢ়ি গৈ থাকিব।

আনহাতে পুৱা টোকলাই গাঁও এল পি স্কুলত ভোটদান সাব্যস্ত কৰে যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে। ভোটদান কৰি সাংবাদিকৰ আগত প্ৰাক্তন বিধায়ক গৰাকীয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে, আজি অহা পাঁচটা বছৰৰ বাবে অসমৰ ৰাইজৰ সুখ দুখ, জাতিটোৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজৰ সংগ্ৰামৰ শেষ দিন। আজিৰ দিনটোত বিভিন্ন ধৰ্মৰ স্মৰণীয় ধৰ্ম গুৰু সকলৰ আশীৰ্বাদ ভোটদাতা ৰাইজৰ ওপৰত পৰিব আৰু তেওঁলোকক জ্ঞান দিব। এই আশীৰ্বাদে যোৱা পাঁচ বছৰ যিদৰে ৰাইজে জ্বলা কলা খালে তাৰ পৰা পৰিত্ৰাণ পাই পুনৰ শুভ দিন যাতে আহে তাৰ বাবে সহায়ক হ’ব। তদুপৰি যোৰহাটবাসী ৰাইজে আজিৰ ভোটদানৰ জৰিয়তে এটা ভাল দিনৰ সপোন দেখিছে। আজিৰ দিনটোত ৰাইজৰ সঁহাৰি দেখি উৎফুল্লিত হৈছোঁ আৰু পুনৰ এবাৰ যে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হ’ব সেইয়া নিশ্চিত হৈ পৰিছে। যোৰহাটৰ ৰাইজে নতুনত্ব বিচাৰিছে আৰু মই নিশ্চিত যে যোৰহাটবাসী ৰাইজে মোক ৰাইজৰ বাবে কাম কৰিবলৈ পুনৰ সুবিধা দিব। আনহাতে যোৰহাটৰ আদৰ্শ ভোটকেন্দ্ৰ ডি চি বি বালিকা বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে সাংসদ তথা গৌৰৱ গগৈয়ে। ভোটদান কৰি গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে, আজি মোৰ বাবে এক আবেগিক মুহূৰ্ত যেন অনুভৱ হৈছে। ইয়াৰ পূৰ্বৰ বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনত মোৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ লগত একেলগে আহি ভোট দিও। আজি মই পিতৃৰ অভাৱ অনুভৱ কৰিছো। আজি সকলো ৰাইজ ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। এই ভোটে অহা পাঁচ বছৰৰ অসমৰ ভৱিষ্যত নিৰূপণ কৰিব। বিগত পাঁচ বছৰত ৰাইজে দেখিছে কিদৰে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, মূল্য বৃদ্ধি হৈছে, কিদৰে ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য বৃদ্ধি পাইছে। সেইবাবে ৰাইজে এইবাৰ গেৰাণ্টি বিচাৰিছে। ৰাইজে আশা বিচাৰিছে। সংঘাতৰ ৰাজনীতিৰ পৰা আঁতৰি ৰাইজে শান্তি বিচাৰিছে। অসমত অসমীয়াত্ব বিচাৰিছে আৰু এই নিৰ্বাচন আমাৰ বাবে এক অগ্নিপৰীক্ষা। ইয়াৰ পিছত অসম অসম হৈ থাকিব নে নাথাকে, নে বাহিৰা শক্তিয়ে অসমত শাসন কৰিব, তাৰ বাবে আজিৰ দিনটো উজনি অসমৰ ৰাইজৰ বাবে এক অগ্নিপৰীক্ষা আৰু মই আশাবাদী অসমৰ নৱপ্ৰজন্ম সংস্থাপনৰ স্বাৰ্থত, সৎ শাসনৰ স্বাৰ্থত ওলাই আহিব আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।

আজিৰ তাৰিখত অসমৰ ৰাইজ অসমৰ সৈনিক, অসমৰ প্ৰত্যেক জনতা একোজন লাচিত বৰফুকন, এজন এজন বীৰ চিলাৰায়, এজন এজন বিৰছাঁ মুণ্ডা। আজিৰ দিনটোত ৰাইজ অসমৰ উজ্বল ভৱিষ্যতৰ স্বাৰ্থত ওলাই আহিছে। আজিৰ দিনত ৰাইজ গেৰাণ্টিৰ প্ৰতি সমৰ্থন জনাইছে। শান্তি সম্প্ৰীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে নিজৰ সমৰ্থন আগবঢ়াইছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে সমগ্ৰ যোৰহাট জিলাখনত ৭২% ভোট গ্ৰহণ সম্পন্ন হোৱা পৰিলক্ষিত হৈছে।