গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ : দেওবাৰ, ২২ মাৰ্চ তাৰিখে সমগ্ৰ দেশবাসীক নিজৰ নিজৰ বাসগৃহত থাকি “জনতা কাৰ্ফিউ” পালন কৰিবলৈ আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমগ্ৰ দেশবাসীৰ লগতে সঁহাৰি জনালে অসমৰ জনতাও। ৰাজ্যৰ ৰাজধানী তথা উত্তৰ পূৱৰ প্ৰৱেশ দুৱাৰ গুৱাহাটীৰ জনতাই দেওবাৰে “জনতা কাৰ্ফিউ” পালন কৰি সম্পূৰ্ণৰূপে স্তব্ধ কৰি ৰাখে মহানগৰী।

কৰ’ণা ভাইৰাছৰ ত্ৰাসত কপিছে সমগ্ৰ বিশ্ব। চীনৰ পৰা আৰম্ভ হোৱা কৰ’ণা ভাইৰাছৰ আতংকই প্ৰতিদিনে গ্ৰাস কৰিছে বিশ্বৰ কেইবাখনো দেশক। চীনৰ পিছতে কৰ’ণা ভাইৰাছে সবাতোকৈ বেছি তাণ্ডৱ চলোৱা দেশ কেইখন হৈছে ইটালী, আমেৰিকা, স্পেইন, ইৰাণ, ফ্ৰান্স, জাৰ্মানীৰ লগতে দক্ষিণ কোৰিয়া। ভাৰতবৰ্ষও বাচি থকা নাই কৰ’ণা ভাইৰাছৰ আতংকৰ পৰা। বৰ্তমানলৈকে ভাৰতবৰ্ষত ৩২৪ গৰাকী লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ভাৰতবৰ্ষত কৰ’ণা ভাইৰাছ সংক্ৰমণ দ্বিতীয় পৰ্যায় আছে আৰু এই সংক্ৰমণ যাতে দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ আগুৱাই যাব নোৱাৰে ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি সকলো সম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছ যাতে ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দেওবাৰে, ২২ মাৰ্চ তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ “জনতা কাৰ্ফিউ” পালন কৰি সকলোকে নিজৰ নিজৰ বাসগৃত থাকিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে সঁহাৰি জনোৱা পৰিলক্ষিত হয় দেওবাৰৰ দিনটোত।

দেশবাসীৰ লগতে অসমবাসীও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি বিশেষ সঁহাৰি জনাই “জনতা কাৰ্ফিউ” পালন কৰি স্তব্ধ কৰি ৰাখে ৰাজ্যৰ উজনিৰ পৰা নামনি লৈকে প্ৰতিটো জিলাৰ সৰু-বৰ চহৰ, প্ৰতিটো অঞ্চল, প্ৰতিটো গাঁৱৰ বাট-পথ। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ বাট-পথ সমূহো জনশূণ্য হৈ থকা দেখিবলৈ পোৱা যায় দেওবাৰৰ পুৱাৰে পৰা।

 

মহানগৰীৰ ফাঁচী বজাৰ, পল্টন বজাৰ, উলুবাৰী গণেশগুৰি, লালগণেশ, আদাবাৰীৰ লগতে অন্যান্য ব্যস্ত অঞ্চল সমূহ সম্পুৰ্ণৰূপে জনশূণ্য হৈ থকা দেখিবলৈ পোৱা যায়। মহানগৰবাসী দেওবাৰে ৰাজপথলৈ ওলাই নাহি নিজ নিজ বাসগৃহতে থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “জনতা কাৰ্ফিউ” আহ্বানক সঁহাৰি জনায়।

গুৱাহাটী মহানগৰীৰ সকলো বজাৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ থাকে যদিও ইয়াৰ মাজতে ৰাইজৰ সেৱাৰ বাবে আৰক্ষীৰ লোক সকল, চিকিৎসা ব্যৱস্থাৰ লগত জড়িত লোক সকল, সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক সকল ব্যস্ত থাকে নিজৰ নিজৰ কৰ্মত।