আনোৱাৰ হুছেইন

গৰৈমাৰী

১০ ছেপ্টেম্বৰ

গৰৈমাৰী উন্নয়নখণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত হিতাধিকাৰী বাছনিত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। উন্নয়নখণ্ডটোৰ অন্তৰ্গত ১৪ নং হাতীপাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অতিৰিক্ত হিতাধিকাৰীৰ তালিকা বাছনি প্ৰক্ৰিয়াত৷

কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়নখণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত হিতাধিকাৰী বাছনিত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে পঞ্চায়তটোৰ প্ৰায় শতাধিক পুৰুষ-মহিলাই পঞ্চায়ত কৰ্মচাৰীৰ দুৰ্নীতি বন্ধ কৰক, আমাক সামাজিক ন্যায় প্ৰদান কৰক, দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে হাতীপাৰা গাঁওপঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগন উত্তাল কৰি তোলে৷ অভিযোগ মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পঞ্চায়তটোৰ সভাপতি আৰু একাংশ কৰ্মচাৰীয়ে জিঅ’টেগ কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ লগতে একাংশ বিকলাংগ আৰু দৰিদ্ৰ পৰিয়ালক এই আচঁনিৰ পৰা বাদ পেলাই পঞ্চায়ত কৰ্মচাৰীৰ পৰিয়াল, চাকৰিয়াল পৰিয়াল, ঠিকাদাৰৰ পৰিয়াল আৰু বহু সংখ্যক সম্ভ্ৰান্ত পৰিয়ালৰ নাম অন্তৰ্ভূক্ত কৰিছে৷

এই ব্যাপক দুৰ্নীতিৰ পৰিপ্ৰেক্ষিতত বঞ্চিত ৰাইজে উচিত তদন্তৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গৰৈমাৰী চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।