গুৱাহাটী, সংবাদ ৩৬৫, ৯ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন সংসদত গৃহীত হোৱাৰ লগে লগে গোটেই অসমজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ। এই প্ৰতিবাদকে লৈ বুধবাৰে এছ এফ আই সংগঠনটোৰ এক অনন্য প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ’ল। বুধবাৰে তেওঁলোকে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীসহ সাত বিজেপি সাংসদৰ প্ৰতিকী মৃতদেহ লৈ মহানগৰীৰ উজানবজাৰ ঘাটলৈ যাত্ৰা কৰে আৰু লুইতৰ বুকুত ওতোৱাই দি প্ৰতিবাদ সাব্যস্ত কৰে।গুৱাহাটী ক্লাৱৰ পৰা প্ৰতিকী মৃতদেহ লৈ উজানবজাৰ ঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ সাত বিজেপি সাংসদৰ শৱদেহ ওতোৱাই দি নৰকলৈ যোৱাৰ কামনা কৰে এছ এফ আই দলটোৱে। এই শ্মশান যাত্ৰাৰ সময়চোৱাত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে। তাৰোপৰি যি সময়ত মংগলবাৰে প্ৰতিজন অসমীয়াই প্ৰতিবাদ কৰি নিজৰ অস্তিত্ব ৰক্ষাৰ চেষ্টা কৰিছে তেনে সময়ত অসমৰ বাবে গৌৰৱৰ দিন আখ্যা দিয়া বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তুলাধুনা প্ৰতিবাদকাৰীৰ। এই বিধেয়কখন বাতিল কৰক নহ’লে আৰু অধিক পৰিস্থিতি বিষম হ’ব বুলিও বিজেপি চৰকাৰক সকীয়নি দিয়েএছ এফ আই দলটোৱে।