গুৱাহাটী 

২৭ আগষ্ট

প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান। যোৱা ১৪ জুলাইৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী অৰ্চনা মহন্ত। মগজুত ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল।

কালজয়ী গীতেৰে অসমীয়া সংগীত জগত সমৃদ্ধ কৰা প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মগজুত ৰক্তক্ষৰণৰ বাবে ১৪ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্ত। প্ৰয়াত গণশিল্পী খগেন মহন্তৰ পত্নী তথা অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্তৰ মৃত্যু শোকৰ ছাঁ পেলাইছে ৰাজ্যৰ সংগীত জগতত।

কালজয়ী গীতেৰে অসমীয়া সংগীত জগতখন সমৃদ্ধ কৰা প্ৰবীণ কণ্ঠশিল্পী গৰাকীৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শোক প্ৰকাশ কৰিছে।