ডিফু

২৮ ছেপ্তেম্বৰ

কাৰ্বি আংলং জিলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক বৃহৎ সাফল্য। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অভিযান চলাই পুনৰ জব্দ কৰিলে প্ৰায় ৩২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰইন। হেৰাইনসহ আটক আৰক্ষীৰ জালত পৰিল এজন।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ঘোষণা কৰা কৰা জেহাদত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে। বিগত কিছুদিন ধৰি কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে জিলাখনৰ আৰক্ষীয়ে বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান ক্ষীপ্ৰতৰ কৰি ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিটো কৌশল বিফল কৰি কোটি কোটি টকাৰ ড্ৰাগছ, বাহন আৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হোৱা কাৰ্বি আংলং আৰক্ষীয়ে পুনৰ ডিলাই থানা অন্তৰ্গত লাহৰিজান পহৰাচকীৰ ওচৰত তালাচী অভিযান চলাই প্ৰায় ৫.০৫ কেজি ওজনৰ হেৰইন জব্দ কৰে। জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় ৩২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে জব্দ কৰা হিৰইনখিনিৰ লগতে ইছমাইল আলী নামৰ এজন সৰবৰাহকাৰীকো আটক কৰিছে। আৰক্ষীয়ে সৰবৰাহকাৰী যুৱক জনৰ কবলৰ পৰা নগদ ৫০ হাজাৰ টকাও উদ্ধাৰ কৰে। মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ নাকা তালাচীত এএছ-০১-কে চি-৪৯৫১ নম্বৰৰ ট্ৰাকৰ পৰা এই বৃহৎ পৰিমাণৰ হেৰইনখিনি উদ্ধাৰ কৰে। কাৰ্বি আংলং জিলা আৰক্ষী উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মা, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, চক্ৰ বিষয়া ভূপেন কলিতা , ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰী, আৰক্ষী বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত জিলাখনৰ বিভিন্ন অঞ্চলত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

উল্লেখ্য যে বিগত চাৰিমাহত কাৰ্বি আংলং আৰক্ষীৰ অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশ মৰ্মে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি আৰক্ষীয়ে বৰ্তমানলৈকে ৪০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। নৱ প্ৰজন্মক কোঙা কৰা বৰবিহ ড্ৰাগছৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ প্ৰতিজন অভিভাৱক, সচেতন মহল সজাগ হৈ থকাটো অতি প্ৰয়োজন হৈ পৰিছে বুলি আৰক্ষীয়ে এই সফল অভিযানৰ পিছত মন্তব্য কৰে।