সংবাদ ৩৬৫ ডেস্ক, ১৭ ছেপ্টেম্বৰঃ ম্যানমাৰত ৰোহিঙীয়া মুছলমানৰ ওপৰত হোৱা হত্যা হিংসাৰ প্ৰতিবাদত প্ৰাৰ্থনা সভাত ভাগ লৈ দলৰ পৰা বহিস্কৃত হৈছে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মহিলা নেতা বেনাজিৰ আৰফান। ৰাজ্যিক বিজেপিৰ মজদুৰ মৰ্চাৰ সদস্য বেনাজিৰে ম্যানমাৰত সংঘটিত হত্যালীলাত প্ৰাণ হেৰুৱা ৰোহিঙীয়া মুছলমানসকলৰ আত্মাৰ শান্তিৰ বাবে মহানগৰীত এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই প্ৰাৰ্থনা সভাত জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰোহিঙীয়া মুছলমানৰ বাবে আয়োজন কৰা প্রার্থনা সভাৰ প্ৰচাৰ কৰা আৰু এই সভাত অংশগ্ৰহণ কৰাৰ অপৰাধত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বেনাজিৰক পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা নিলম্বন কৰে। বেনাজিৰ ২০১২ চনত বিজেপিত যোগদান কৰিছিল আৰু ২০১৬ চনত তেওঁ বিধানসভা নিৰ্বাচনত গেৰুৱা দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতাও কৰিছিল। উল্লেখ্য যে ইউনাইটেড মাইনৰিটি পিপলছ ফ’ৰাম নামৰ এক বেচৰকাৰী সন্থাই ৰোহিঙীয়া মুছলানৰ বাবে আয়োজন কৰা এই প্ৰাৰ্থনা সভাত বেনাজিৰৰ লগতে ৰাজ্যিক বিজেপিৰ সংখ্যালঘুৰ সদস্য ৰৌছানাৰা বেগমেও অংশগ্ৰহণ কৰিছিল যদিও দলে তেওঁৰ ওপৰত কোনো ব্যৱস্থা নোলোৱাকৈ কেবল বেনাজিৰক দলৰ পৰা বহিস্কৃত কৰে।