ডিফু , সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  প্ৰেম প্ৰত্যাখান কৰাৰ এক ভয়াবহ পৰিণতি ভুগিব লগা হৈছে এগৰাকী যুৱতীয়ে। এজন যুৱকৰ প্ৰেম প্ৰত্যাখান কৰাৰ পৰিণতি ইমান ভয়াবহ হব বুলি কেতিয়াও চাগে ভবা নাছিল এই যুৱতী গৰাকীয়ে। প্ৰেম প্ৰত্যাখানৰ এই ভয়াবহ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙ জিলাৰ ডিফু চহৰত। কাৰ্বি আংলঙ জিলাৰ ডিফুৰ বাসিন্দা দুই সন্তানৰ পিতৃ দেৱেন তেৰাঙ কিছুদিন ধৰি একে অঞ্চলৰ এগৰাকী যুৱতীক প্ৰেম নিবেদন কৰি আহিছিল যদিও দেৱেন বিবাহিত আৰু দুই সন্তানৰ পিতৃ হোৱাৰ বাবে যুৱতী গৰাকীয়ে দেৱেনৰ প্ৰেম প্ৰত্যাখান কৰি আহিছিল। দেৱেনৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবে দেৱেনে যোৱা ৪ ডিচেম্বৰত ডিফু ৰেল ষ্টেচনৰ সমীপত যুৱতী গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিছিল। ৪ ডিচেম্বৰৰ পৰা এমাহ আঠদিন মৃত্যুৰ সতে যুঁজি সোমবাৰে যুৱতী গৰাকীয়ে সংজ্ঞা ঘূৰাই পোৱাত সকলো ঘটনা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। যুৱতী গৰাকী অগ্নিদগ্ধ হোৱাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পিছত যুৱতী গৰাকীৰ মাতৃয়ে দেৱেনৰ বিৰুদ্ধে ডিফু সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। অগ্নিদগ্ধ হোৱা যুৱতী গৰাকী সংজ্ঞা ঘূৰাই পাইছে যদিও যুৱতী গৰাকী সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে।