আজিজুল হক

বৰপেটা

৪ জানুৱাৰী

বৰপেটাৰ সৰুক্ষেত্ৰীৰ নিষ্ঠাৱান প্ৰয়াত সাংবাদিক মনমুল হকৰ সদগতি কামনাৰ্থে সোমাবাৰে কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ উদ্যোগত আৰু কয়াকুছি শাখা সাহিত্য সভা, আমছুৰ কয়াকুছি আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। প্ৰাৰ্থনা সভাত অসমৰ সুকণ্ঠী গায়িকা কল্পনা পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। মনমূল হকৰ পৰিয়ালৰ লোকক যিকোনো মূহুৰ্ততে সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে গায়িকা গৰাকীয়ে।

সভাত ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আজিজুল হকে অংশগ্ৰহণ কৰি সাংবাদিক মনমূল হকৰ মৃত্যুৱে সংবাদ মাধ্যমৰ সতীৰ্থৰ মাজত এটি উকা অনুভৱ সৃষ্টি কৰা বুলি কয়। মনমূল হকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰলৈ দাবী উত্থাপন কৰে সাংবাদিক আজিজুল হকে। কয়াকুছি শাখা সাহিত্য সভাৰ সভাপতি তালেবৰ ৰহমানে প্ৰয়াত সাংবাদিক গৰাকীৰ স্মৃতিক জীয়াই ৰাখিবলৈ উপযুক্ত চিন্তা কৰাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়। সভাত কয়াকুছি শাখা সাহিত্য সভাৰ সম্পাদক হান্নান আলী আহমেদ, কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ সভাপতি আহমেদ আলী, সম্পাদক আব্দুল জলিল, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন জিলা সমিতিৰ সাধাৰণ সম্পাদক মনজিৎ দাস, সম্পাদক শ্বেখ ৰহমত উল্লাহ, বৰপেটা জিলা সাংবাদিক সংস্থাৰ সভাপতি নজৰুল ইছলাম , কিষান মৰ্চাৰ পাকা বেতবাৰী মণ্ডলৰ প্ৰাক্তন সভাপতি কমল পাঠক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মানিক চন্দ্ৰ বড়ো, আমছুৰ কয়াকুছি আঞ্চলিক সমিতিৰ ‌সভাপতি ছৰিফুৰ ইছলাম, উপ-সভাপতি তোতা মিয়া, কাৰ্যকৰী সভাপতি ছামিম খানেও উপস্থিত থাকি ভাষণৰ জৰিয়তে মনমূল হকৰ কৰ্মৰাজীক সুৱৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে। সভাত কয়াকুছি অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

তালেবৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰয়াত সাংবাদিক মনমুল হকৰ পৰিয়ালক সহায় সহযোগ কৰাৰ বাবে পাঁচ জনীয়া এখন সমিতি গঠন কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মনমূল হকৰ পৰিয়ালৰ লোকৰ আৰ্থিক ক্ষেত্ৰত সহায়ক হোৱাৰ লক্ষ্যৰে কেইবাজনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায়।