গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ওলোৱা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। লুক ইষ্ট নামৰ এটা নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা কিছুদিন পূৰ্বে চীন-ম্যানমানৰৰ সীমান্তৰ ৰুইলিত হোৱা এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল। পৰেশ বৰুৱাৰ আঘাত গুৰুতৰ হোৱাৰ ফলত আলফা (স্বাধীন)ৰ নেতাগৰাকীৰ মৃত্যু হৈছে। লুক ইষ্ট নামৰ নিউজ পৰ্টেলৰ বাতৰি অনুসৰি নাম প্ৰকাশত অনিচ্ছুক এজন চোৰাংচোৱা বিষয়াৰ মতে, চোৰাংচোৱা সংস্থাটোৰ হাতত পৰেশ বৰুৱাৰ দুৰ্ঘটনাৰ খবৰ আছে যদিও এই দুৰ্ঘটনাত আলফা (স্বাধীনৰ) সেনাধ্যক্ষৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিবলৈ বিভিন্ন তথ্যৰ পৰীক্ষা চলি আছে। অসম আৰক্ষীৰ ফালৰ পৰা বৰ্তমানলৈকে পৰেশ বৰুৱা দুৰ্ঘটনা তথা মৃত্যুৰ বাতৰিক লৈ কোনোধৰণৰ প্ৰতিক্ৰিয়া অহা নাই।