কিশোৰ মিশ্রা

কোকৰাঝাৰ 

২৭ আগষ্ট

বিটিএডি’ৰ সংখ্যালঘূ সকলৰ সমস্যা সমাধানৰ দাবীত ফকিৰাগ্রামত আমছুৰ অৱস্থান ধৰ্মঘট। কোকৰাঝাৰ জিলা আমছুৰ উদ্যোগত ফকিৰাগ্রাম আৰক্ষী চকি অন্তর্গত সদৌ অসম সংখ্যালখু ছাত্ৰ ইউনিয়নে ফকিৰাগ্রাম আঞ্চলিক কার্যলয়ৰ সমুখত দুপৰীয়া ১১ বজাৰ পৰা ১ বজলৈ দুঘণ্টাীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আমছুৱে বিটিএডিত বসবাস কৰা সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বিটিএডি’ৰ বাসিন্দা খাইৰুল ইছলাম, আমিনুল হোছেইন খান, ৰহিম বাদশ্বাহ, জহুৰা খাতুনৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰা আৰু মৃতক সকলৰ পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। আনহাতে বিটিএডিৰ পৰিষদীয় নির্বাচনত সংখ্যালঘু অঞ্চলত অর্ধসামৰিক বাহিনী মোতায়েন কৰি সংখ্যালঘু ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীও জনাই আমছুৱে। প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি সংখ্যালঘু ৰাইজৰ নিৰাপত্তা, ভুক্তভোগি পৰিয়ালৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে দোষী সকলক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ ব্যবস্থ্য চৰকাৰ তথা প্ৰশাসনে গ্ৰহন নকৰে তেন্তে আগন্তক দিনত বূহৎ গণতান্ত্ৰিক আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠটোৱে। আমছুৰ দাবী সমূহ যদি চৰকাৰ তথা প্ৰশাসনে গুৰুত্বসহকাৰে নলয় তেন্তে যিকোনো জটিল পৰিস্থিতিৰ বাবে চৰকাৰ তথা প্ৰশাসন দায়ী থাকিব বুলিও সকীয়াই দিয়ে আমছুৰ কেন্দ্রীয় সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইনে৷

ধৰ্মঘট কাৰ্যসূচীত আমছুৰ কেন্দ্রীয় সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইন, কোকৰাঝাৰ জিলা আমছুৰ সাধাৰণ সম্পাদক আব্দুল লতিফেসহ ফকিৰাগ্রাম আঞ্চলিকৰ সভাপতি সম্পাদক আৰু আমছুৰ সদস্য সকল উপস্থিত থাকে। ধৰ্মঘটস্থলীৰ পৰা আমছুৱে কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়ত মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্রও প্ৰেৰণ কৰে।