নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ মে’ : অৱশেষত সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসমৰ ভিতৰতে নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নেকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই মুঠ ৫৯৪ নম্বৰেৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ল ।

পৰীক্ষাৰ এই ফলাফল পোৱাৰ পাছতেই মেঘাশ্ৰী বৰাৰ ঘৰত উচুপনি । কাৰণ যিজন মানুহে মেঘাৰ এনে ফলাফলৰ বাবে আশা কৰিছিল তেওঁ ইহ সংসাৰত নাই। মেঘাশ্ৰীৰ পিতৃ গকুল বৰাই কাৰ্যনিৰ্বাহ কৰি আছিল সেনাৰ চিকিৎসা বিভাগত আৰু কৰ্মৰত অৱস্হাতে মেঘাশ্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতি চলি থকাৰ মাজতে মৃত্যু হয় পিতৃৰ। পিতৃৰ অৱৰ্তমানত মাতৃৰ সাহসত আগবাঢ়ি যোৱা মেঘাশ্ৰীৰ এই সফলতাত উচুপি উঠিল মেঘাশ্ৰী আৰু তেওঁৰ মাতৃয়ে।