গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : মহানগৰীৰ পানবজাৰৰ ফুটপাথত বে-আইনী ভাৱে গঢ়ি দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্চেদ অভিযান । স্থানীয় ৰাইজে বহু সময় ধৰি উক্ত দোকানসমূহত ৰাতি মদ, জুৱাৰৰ আড্ডা বহি বুলি জি এম চি কৰ্তৃপক্ষক অভিযোগ কৰি আহিছিল। ইয়াৰোপৰি উচ্ছেদ কৰা দোকানসমূহ আছিল এক অস্বাস্থ্য পৰিবেশৰ । যাৰ বাবে শুকুবাৰে জিএমচিয়ে স্বাস্থ্য আৰু ভেটেনেৰী বিভাগৰ নির্দেশত পদপথৰ দোকান সমূহ উচ্ছেদ কৰে।
উক্ত অভিযানত পানবজাৰ অঞ্চলৰ প্ৰায় ৮ৰ পৰা ১০ খন হোটেল আৰু তামোল পাণৰ দোকান উচ্ছেদ কৰা বুলি জানিবলৈ দিয়ে জি এম চি কৰ্তৃপক্ষই । ইয়াৰ উপৰিও উচ্ছেদৰ সময়ত স্থানীয় ৰাইজে সহায় কৰা বুলিও অৱগত কৰে জিএমচিয়ে।
ইফালে ,উচ্ছেদৰ সময়ত কোনো যাতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে উচ্ছেদস্থলীত পানবজাৰ আৰক্ষী জিএমচি কৰ্তৃপক্ষৰ সৈতে উপস্থিত থাকে ।
উল্লেখযোগ্য যে জিএমচি কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বে-আইনী ভাৱে গঢ়ি উঠা এই দোকান সমূহক উচ্ছেদ কৰাৰ পূৰ্বে উঠাই নিবৰ বাবে গৰাকীক বহুবাৰ জাননী দিয়া হৈছিল যদিও কোনো ধৰণৰ কানসাৰ দিয়া নাছিল । যাৰ বাবে জিএমচিয়ে নিজে উচ্ছেদ কৰিবলৈ বাধ্য হল।
ইয়াৰ উপৰিও জি এম চি কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ মহানগৰীত জুন মাহৰ ১২ তাৰিখলৈকে এনেদৰে বে-আইনী ভাবে গঢ়ি উঠা প্ৰতিস্থানৰ বিৰুদ্ধে ধাৰাবাহিক উচ্ছেদ অভিযান চলি থাকিব ।