ডিগবৈ, সংবাদ ৩৬৫, ১৩ জানুৱাৰী: বৰ্তমান ৰাজ্যৰ পৰিস্থিতি তেনেই উত্তাল হৈ আছে। য’ত এফালে গোটেই ৰাজ্যজুৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদৰ ঢৌ জ্বলি আছে আৰু একাংশ লোকে অসমীয়া জাতিৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি অসমীয়াৰ স্বাভিমানত আঘাত হানিছে তেনে সময়তে ফেচবুকত অসমীয়া জাতিৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি দেওবাৰে পুৱাই টিংৰাই বজাৰত ৰাইজৰ হাতত লপা-থপা খাবলগীয়া হ’ল তিনিচুকীয়াৰ ডিগবৈৰ বিধায়ক সুৰেনৰ অতি ঘনিষ্ঠ তথা বগাপানী পঞ্চায়তৰ ৱাৰ্ড সদস্য তেজা দে’য়ে । উল্লেখযোগ্য যে ফেচবুকত অসমীয়া জাতিৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি কয় যে অসমীয়া ভাষা ব্যৱহাৰ নকৰিবলৈ মন্তব্য কৰে বিজেপি নেতাজনে। পাছত নেতাজনৰ এনেকুৱা কাৰ্য্য দেখি স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠন সমূহে জাঙুৰ খাই উঠি তেজা দে’ক ধৰি টিংৰাই বজাৰত ৰাজহুৱাভাৱে কাণত ধৰাই উঠা বহা কৰাই ক্ষমা খুজিবলৈ বাধ্য কৰাই দল-সংগঠনসমূহে ৷ তাৰ পিছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তেখেতক আটক কৰি লৈ যায়। আনফালে অসমীয়া জাতিক লৈ এনেকুৱা বিৰূপ মন্তব্য প্ৰকাশ কৰাত ক্ষোভ প্ৰকাশ কৰে আলফা নেতা জিতেন দত্তই ৷ অসমীয়া জাতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য নকৰিবলৈ প্ৰতিজন বঙালী লোককে সকীয়াই দিয়ে আলফানেতা গৰাকীয়ে ।