গুৱাহাটী, সংবাদ ৩৬৫, ৯ আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা যোৱা ৩০ জুলাই তাৰিখে প্ৰকাশ পায়। নাগৰিক পঞ্জীৰ খচৰাখন প্ৰকাশৰ পিছত খচৰাখনত বিভিন্ন বিসংগতি দেখা দিয়াৰ লগতে খচৰাখনৰ পৰা বাদ পৰে ৪০ লক্ষাধিক লোকৰ নাম। নাগৰিক পঞ্জীৰ খচৰাখনৰ পৰা বাদ পৰা এই ৪০ লক্ষাধিক লোকৰ ভিতৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ নথি পত্ৰ থকা বহু প্ৰকৃত ভাৰতীয় লোকো আছে। নাগৰিক পঞ্জীৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় লোকসকল অৱশ্য নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰভুক্ত কৰাৰ সুবিধা লাভ কৰিব যদিও ইয়াৰ ভিতৰত এনে বহু লোক আছে যিসকলে নাম অন্তৰভুক্তি কৰাৰ বাবে এতিয়া কি কৰিব লাগিব অথবা নাম অন্তৰ্ভুক্তিৰ বাবে কি কি নথি পত্ৰ জমা দিব লাগিব এই বিষয়ে জ্ঞাত নহয়। এন লোক সকলক নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক দল সংগঠন আগ বাঢ়ি আহিছে। এই ক্ষেত্ৰত এইবাৰ ওলাই আহিছে ফেচবুকত সক্ৰিয় কেইজনমান সচেতন যুৱক-যুৱতীসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফেচবুকত সক্ৰিয় হৈ থকা কেইজনমান যুৱক-যুৱতী মহানগৰী গুৱাহাটীত মিলিত হৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তি কৰিবলৈ প্ৰকৃত ভাৰতীয় নাগৰিক সকলক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সচেতন যুৱ সমাজ নামেৰে এটি মঞ্চ গঠন কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে এই ফেচবুক বন্ধু সকলৰ সদস্য ৰাজ্যৰ প্ৰতিটো জিলাতে থাকি নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব প্ৰকৃত ভাৰতীয় নাগৰিক সকলক। বিশেষকৈ দাবী-আপত্তি আৰু সংশোধনী প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত আৰু নথি বাছনিৰ ক্ষেত্ৰত সচেতন যুৱ সমাজে অনাগত দিনত কাম কৰিব বুলি মত ব্যক্ত কৰে। ফেচবুকৰ এই সদস্য সকলে দেশৰ প্ৰতিটোখন ৰাজ্যলৈ এন আৰ চিৰ বাবে অসমৰ পৰা প্ৰেৰণ কৰা নথি পত্ৰ সমূহ অতি সোনকালে পৰীক্ষণ কৰি অসমলৈ এন আৰ চি কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিব জানিবলৈ দিয়ে সচেতন যুৱ সমাজৰ সমন্বয়ক শাকিল আহমেদে।