লক্ষীমপুৰ,সংবাদ ৩৬৫, ৪ আগষ্টঃ -কলকাতাৰ নেতাজী ইন্দৰ ষ্টেডিয়ামত ২৮-২৯ জুলাইত অনুষ্ঠিত হোৱা ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত ভাৰতবৰ্ষৰ হৈ অসমৰ লক্ষীমপুৰ জিলাৰ পৰা যোৱা ৯ জন প্ৰতিযোগিৰ মাজৰ পৰা ৩ জনে বাংলাদেশ, নেপাল, মালয়েচিয়া, শ্ৰীলংকা আৰু ইৰানকে ধৰি ৫ খন ৰাষ্ট্ৰৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ দেশৰ লগতে লক্ষীমপুৰ জিলাৰ বগিনদীলৈ এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ অসমৰ অনগ্ৰহৰ হিচাপে পৰিচিত লক্ষীমপুৰ জিলাৰ বগিনদী অঞ্চলৰ জগন্নাথ কামান(উচ্চ) ৫৪ কেজি শাখাত ৰূপৰ পদক , জগদীশ পায়েং (নিম্ন)৫৪ কেজি শাখাত আৰু বিতোপন দাসে ৫৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলতোলৈ গৌৰভ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ৯ জনীয়া দলটোক নৃত্যত্ত প্ৰদান কৰিছিল হাবিবুৰ ৰহমান আৰু জগন্নাথ কামানে৷