ফজলুৰ ৰহমান
সোনতলী
২৯ মার্চ

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ তুংগত উঠিছে৷ প্ৰতিটো ৰাজনৈতিক দলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৪৮ নং বকো বিধানসভা সমষ্টি৷ সমষ্টিটোত মূল যুঁজ হ’ব কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী আৰু শাসকীয় বিজেপি মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা অগপ দলৰ প্ৰাৰ্থী গৰাকীৰ মাজত।

বৰ্তমানৰ কংগ্ৰেছ দলৰ দখলত থকা বকো সমষ্টি এইবাৰ লাগে বিজেপি মিত্ৰজোঁটক। সমষ্টিটোৰ বৰ্তমানৰ বিধায়িকা নন্দিতা দাসক এইবাৰ পৰাস্ত কৰাৰ বাবে অগপৰ প্ৰাৰ্থী গৰাকীয়ে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। ইফালে বকো সমষ্টি পুনৰ নিজৰ দখলত ৰখাৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে সমষ্টিটোৰ ইমুৰৰ পৰা সিমুৰলৈ গাঁৱে ভূৱে মাৰাথন গতিত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিধায়কা নন্দিতা দাসৰ লগতে বিধায়িকা গৰাকীৰ হৈ ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, এনএছইউআই, সেৱাদল আৰু বুথ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকলে দিনে নিশাই ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ তদুপৰি মহাজোঁট তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ ছট্টিশগড়ৰ মন্ত্ৰী গোলাপ কামৰো, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা তথা বকো সমষ্টিৰ কনভেনৰ মৰ্জিনা হক সমষ্টিটোত বাহৰ পাতি চুকে কোণে গৈ বিশেষকৈ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ইফালে নন্দিতা দাসে কেইবাশতাধিক লোকৰ উপস্থিতিত এক উখল মাখল পৰিৱেশৰ মাজত ছমৰীয়াত কংগ্ৰেছৰ এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ছমৰীয়া আৰু ত্ৰিলোচন গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত প্ৰচাৰ চলাই সন্ধিয়া বামুণবড়ী গাঁও পঞ্চায়তৰ অধীনৰ বটিয়ামাৰীত এক নিৰ্বাচনী সভাত উপস্থিত হয়। আনহাতে নন্দিতা দাসে সোণতলী, সেলেসুঁতি, ৰঙাপানী, টুপামাৰী, পানীখাইতি, ভখুৰাদিয়া, ডেকাচাং, মালিবাৰী, কালাতলী, কিছমতকাঠমী আদি অঞ্চলৰ বিভিন্ন এলেকাত নিৰ্বাচনী কুচকাৱাজ তীব্ৰতৰ কৰি তোলে।

প্ৰচাৰ অভিযানৰ সময়ছোৱাত বিধায়িকা নন্দিতা দাসে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব আৰু বকো সমষ্টিৰ ৰাইজে মোক বিপুল ভোটত জয়ী কৰাব। তদুপৰি নন্দিতা দাসে কয় যে এন আৰ চি আৰু ‘ডি’ ভোটাৰৰ হিয়াৰিংৰ নামত ৰাইজক হাৰাশাস্তি কৰা সাম্প্ৰদায়িক বিজেপি আৰু এজিপিক এই নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব।