বঙাইগাঁও, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: নিউ বঙাইগাঁওস্থিত ৰে’লৱে ডবা মেৰামতি কাৰখানা বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ।

সদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিক সম্পূৰ্ণভাৱে উলংঘা কৰি ষড়যন্ত্ৰমূলকভাৱে বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ অভিযোগ উত্থাপন কৰি কোচ ৰাজবংশী জাতীয় মঞ্চৰ বঙাইগাঁও জিলা সমিতিয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। বঙাইগাওঁ চহৰৰ পাগলাস্থানস্থিত ৰে’লৱে অভিযান্ত্ৰিক কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে পাঁচ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ স্মাৰকপত্ৰত সংগঠনটোৰ জিলা সমিতিয়ে নিউ বঙাইগাঁওস্থিত ৰে’লৱে ডবা মেৰামতি কাৰখানাটো বি টি আৰত অন্তৰ্ভুক্তিকৰণ বন্ধ কৰা, ভূমিশ্বৰ পাহাৰখন বি টি এ ডিৰ পৰা তৎকালীনভাৱে কৰ্তন কৰা, প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সংলগ্ন কোচ ৰাজবংশী গাঁওসমূহ বি টি এ ডিৰ পৰা কৰ্তন কৰা, বড়ো আন্দোলনত সৰ্বহাৰা হোৱা ৬৪৩টা শৰণাৰ্থী পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা আৰু বামুণটিলা, বিদ্যাপুৰ আৰু পশ্চিম ভাদ্ৰাগাঁৱৰ শৰণাৰ্থী শিবিৰত থকা ৬৪৩টা পৰিয়ালক উপযুক্ত সংস্থাপন প্ৰদান কৰি মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী জনায়৷

উল্লেখ্য যে, ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে হাহে হাতে বিভিন্ন প্লেকাৰ্ডলৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ধৰ্ণা কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি ৰমেশ সৰকাৰ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদত ৰাতুল চন্দ্ৰ ৰায়, কেন্দ্ৰীয় সমিতিৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক ভূপেন ৰায়, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰে অংশ গ্ৰহণ কৰে৷