বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৬ মেঃ ৰাজ্যত এটাৰ পিছত আনটো নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড সংঘটিত হৈ থকাৰ সময়তে এইবাৰ বঙাইগাঁও জিলাত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী চকীৰ অন্তৰ্গত ধনতোলা বজাৰত এগৰাকী বিবাহিতা মহিলাক দোকানৰ ভিতৰত শাৰিৰীক নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’ল নজৰুল ইছলাম নামৰ এজন কাপোৰ দোকানী। শনিবাৰে সন্ধিয়া ধনতোলা বজাৰত থকা নজৰুল ইছলামৰ কাপোৰৰ দোকানত বাকীৰ ধন দিবলৈ গৈ শাৰিৰীক নিৰ্যাতনৰ সন্মুখীন হয় এগৰাকী বিবাহিতা মহিলা। মহিলা গৰাকীয়ে দোকানৰ ভিতৰত সোমোৱাৰ পিছত দোকানখনত আন্ধাৰ আৰু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নজৰুলে মহিলা গৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা চলাই যদিও মহিলা গৰাকী কৌশলৰে দোকানৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। মহিলা গৰাকীয়ে দোকানৰ পৰা ওলাই আহি স্থানীয় ৰাইজক নজৰুলৰ এই কুকৰ্মৰ কথা অৱগত কৰাত নজৰুলে দোকানৰ পৰা পলায়ন কৰে। নিৰ্যাতিতা মহিলা গৰাকীয়ে পিছত স্থানীয় আৰক্ষী চকীত নজৰুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত দেওবাৰে অভয়াপুৰী আৰক্ষীয়ে নজৰুলক গ্ৰেপ্তাৰ কৰে। আনহাতে দেওবাৰে ধনতোলাত স্থানীয় ৰাইজে নজৰুলৰ ফাঁচীৰ দাবীত এক সমদল উলিয়াই নজৰুলৰ দোকানখনত তলা ওলমাই দিয়ে। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।