বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২১ মাৰ্চ: বঙাইগাঁও জিলা আৰক্ষীৰ জালত পৰিছে এজন ভুৱা প্ৰেমিক৷ মিছ কলৰ জৰিয়তে চিনাকী হোৱা যুৱতীক পলুৱাই আনি লুটি নিলে সোণসহ নগদ ধন। নিৰ্মল দাস নামৰ এজন ভুৱা প্ৰেমিকে যোৱা ১৯ মাৰ্চত গোৱালপাৰা জিলাৰ এগৰাকী যুৱতীক পলুৱাই আনি বঙাইগাঁৱৰ বাঁহ বজাৰৰ সমীপত যুৱতী গৰাকীৰ পৰা সোণৰ অলংকাৰ, মোবাইল ফোন আৰু নগদ ধন কাঢ়ি লৈ পলায়ন কৰে। প্ৰায় এমাহ পূৰ্ৱে মিছ কলৰ জৰিয়তে যুৱতী গৰাকীৰ নিৰ্মলৰ লগত চিনাকী হৈছিল। কিছুদিন ফোনত দুয়ো কথা পতাৰ পিছত নির্মলে যুৱতী গৰাকীক বিয়াৰ প্ৰলোভনৰে গোৱালপাৰাৰ শোলমাৰীৰ পৰা বাইকৰে পলুৱাই আনি বঙাইগাঁৱত মাৰধৰ কৰি লুটি নিয়ে সোণৰ অলংকাৰসহ নগদ ধন আৰু মোবাইল ফোন। অকলশৰীয়া ভাবে এৰি থৈ যায় যুৱতীগৰাকী বিপাঙত পৰে ৷ নিশা অন্ধকাৰৰ মাজত অকলশৰীয়া অৱস্থাত হাহাকাৰ কৰি ঘূৰি ফুৰোতে আছুৰ কেইজনমান সদস্যই যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু নিৰ্মল দাসক গ্ৰেপ্তাৰ কৰে ৷ যুৱকজনে ইয়াৰ পূৰ্ৱেও যুৱতীক প্ৰেমৰ নাটক কৰি লুটপাত চলোৱাৰ অভিযোগ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।