আজাৰা, সংবাদ ৩৬৫, ৪ ফেব্রুৱাৰী: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত অৱস্থিত শ্ৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যলয়ত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুস্থিত হয় ২১ কি:মি: যোৰা মাৰাথন দৌৰ প্ৰতিযোগীতা । এই মাৰাথন দৌৰ শংকৰদেৱ বিদ্যালয়ৰ পৰা আৰম্ভ হৈ পলাশবাৰী হৈ পুনৰ বিদ্যালয়তে শেষ হয় । এই মাৰাথনত ১ম ছয়গাও গৰৈমাৰীৰ ছফিকুল ইছলাম , ২য় মিৰ্জাৰ নিপুমনি দাস আৰু ৩য় বঙৰাৰে বিদ্যালয়ৰ ছাত্ৰ ৰুবুল আলী হয় । মাৰাথন দৌৰত মুঠ ৩৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে । বিদ্যালয়খনৰ তিনিদিনীয়া এই সোনালী জয়ন্তীত অংশগ্ৰহন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কল্পনা পাটোৱাৰী,ৰাকেশ ৰিয়ানকে ধৰি বহু ব্যক্তিয়ে ।