গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জুনঃ বছৰৰ প্ৰথখন বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে। উজনিৰ পৰা নামনিলৈকে বানত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। গোলাঘাট জিলাৰ বোকাখাতত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বোকাখাতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু ওপৰেৰে পানী বাগৰাত পথৰ ওপৰত আবদ্ধ হৈ পৰিছে বহু যান–বাহন। বানৰ ফলত বিভিন্ন ঠাইত আবদ্ধ হৈ পৰা লোক সকলক উদ্ধাৰৰ বাবে চাৰিখন নাৱেৰে এছডিআৰএফ’ৰ দলে উদ্ধাৰ অভিযান চলাইছে। কাৰ্বি পাহাৰত মূষলধাৰ বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বন শিবিৰৰ বিভিন্ন অঞ্চল বাঢ়নী পানীত বুৰি যোৱা বুলিও জানিব পৰা গৈছে। আনহাতে হাইলাকান্দি জিলাৰ চাৰিখন গাঁও পঞ্চায়তৰ প্ৰায় ৮ হাজাৰ পৰিয়াল বানৰ কবলত পৰি জলবন্দী হৈ পৰিছে। কাটাখাল নৈৰ বানত হাইলাকান্দি–শিলচৰ গড়কাপ্তানী পথ বুৰ যোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। জিলাখনত উদ্ধাৰ অভিযানৰ বাবে এছডিআৰএফ’ৰ দল উপস্থিত হৈছে। কৰিমগঞ্জতো কুশিয়াৰা, লংগাই আৰু ছিংলাৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে বিপদ সীমাৰ ওপৰেৰে বৈছে লংগাই আৰু ছিংলা নৈৰ পানী। ইতিমধ্যে লংগাই নৈৰ বাঢ়নী পানীয়ে কৰিমগঞ্জৰ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ লগতে পাথাৰকান্দিৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথখনৰ ওপৰেদি বৈছে পানী।