বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২১অক্টোবৰ: নগাওঁ জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কটহগুৰি পঞ্চায়তৰ এলেকাধীন উত্তৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত শনিবাৰে কংগ্ৰেছ দলৰ এখন কৰ্মীসভা অনুষ্ঠিত হয় ৷সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কটাহগুৰি মণ্ডল কংগ্ৰেছৰ সম্পাদক আবুল কাছেমে। দিনৰ ৩ বজাত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বটদ্ৰৱা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মন্নাছ আলীয়ে। সভাখনত উপস্থিত থাকি বটদ্ৰৱা যুৱ কংগ্ৰেছৰ সভাপতি ছফিউল আলমে আগন্তক পঞ্চায়ত নিৰ্বাচনত সকলো কৰ্মীক সাজু হবলৈ আহ্বান জনায় ৷সভাখনত কংগ্ৰেছ নেতা তথা কটাহগুৰি গাওপঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাইহান চৌধুৰীয়ে সাংগঠনিক দিশত বক্তৃতা প্ৰদান কৰি লগতে কয় যে ” জাতি, মাটি, ভেটিক লৈ শ্ল’গান দিয়া বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে পঞ্চায়তটোৰ সকলো ৰাইজক একগোট হৈ থিয় দিবলৈ আহ্বান জনায় ৷ সভাখনত কটাহগুৰি গাওপঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল হাচেন মিৰ্দ্দা, প্ৰাক্তন আঞ্চলিক সদস্যা ৰুনা লাইলাকে আদি কৰি প্ৰায় পাচঁশতাধিক লোক উপস্থিত থাকে। ইপিনে আজি সমষ্টিটোৰ অন্তৰ্গত কটাহগুৰিত কংগ্ৰেছ দলৰ আন এখন সভা অনুষ্ঠিত হয় ৷উক্ত সভাত কটাহগুৰি মণ্ডল মহিলা কংগ্ৰেছ, সংখ্যালঘু মণ্ডল কংগ্ৰেছ সমিতিখন গঠন কৰা হয় ৷ সভাখনত টুকটুকী জিলা পৰিষদৰ প্ৰাক্তন সদস্যা আনোৱাৰা চুলতানা, সংখ্যালঘু বিভাগৰ সমষ্টিটোৰ সভাপতি ফজলুল হককে আদি কৰি প্ৰায় দুইশতাধাক মহিলা উপস্থিত থাকে ৷ উল্লেখ্য যে বিগত বিধান সভা নিৰ্বাচনৰ পিছৰে পৰা বটদ্ৰৱা সমষ্টিটোত কংগ্ৰেছ দল দুইভাগত বিভক্ত হোৱা বুলি একাংশ কংগ্ৰেছ কৰ্মীৰ পৰা জানিব পৰা গৈছে ৷আজি অনুষ্ঠিত হোৱা ৰৌমাৰী কৰ্মী সভাত দীৰ্ঘদিনীয়া ৰাজত্ব চলোৱা তথা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক গৌতম বৰাক সমৰ্থন কৰি তেওঁক লৈহে কংগ্ৰেছ দল আগবাঢ়ি যাব বুলিহে সভাৰ মঞ্চৰ পৰা জানিব দিয়ে ৷ফলত কংগ্ৰেছত নতুনকৈ অহা প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামনি বৰাক লৈ কটাহগুৰিত অন্য এখন সভা অনুষ্ঠিত হোৱাত কংগ্ৰেছ দল যে দুই ভাগত বিভক্ত সেয়া নিশ্চিত হৈছে ৷