চৰাইদেউ, সংবাদ ৩৬৫, ২ আগষ্টঃ শিক্ষক, যি সমাজৰ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নাশ কৰি জ্ঞানৰ পোহৰ বিলাই, কিন্তু এই কথা এতিয়া অতীত হ’ল৷ শিক্ষকে এতিয়া অকল পাঠদানতে ব্যস্ত নাথাকি এক নাভূত-নাশ্ৰুত ৰুপত দেখা গৈছে এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষক৷ সহযোগী প্ৰৱক্তাক অপকাৰ কৰাৰ স্বাৰ্থৰে অধ্যক্ষগৰাকীয়ে আশ্ৰয় ল’লে তন্ত্ৰ-মন্ত্ৰৰ৷ এয়া বাস্তৱ ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰি বাণিজ্য মহাবিদ্যালয়ত৷ চৰাইদেউ জিলাৰ সোণাৰি বাণিজ্য মহাবিদ্যালয়ত অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উঠিছে তন্ত্ৰ-মন্ত্ৰৰ৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ বিপুল দে’ৰ বিৰুদ্ধে কলেজৰ একাংশ প্ৰৱক্তা আৰু একাংশ অনুষ্ঠানে কলেজ আন্তঃগাঁথনিৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ অভিযোগ অনুসৰি গ্ৰীস্মকালীন বন্ধৰ সময়ত অধ্যক্ষ বিপুল দে’এ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ তান্ত্ৰিক বাবাক মাতি আনি ১০ গৰাকী অধ্যাপকৰ বিৰুদ্ধে তন্ত্ৰ মন্ত্ৰ কৰে ৷অধ্যাপক কেইগৰাকীৰ নাম কাগজত লিখি এটা বটলত ভৰাই থৈছিল অধ্যাপক গৰাকীয়ে৷ এই সকলোবোৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত৷ তাৰ পাছতে এই কথা পোহৰলৈ অহাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ দিনতো একবিংশ শতিকাত এগৰাকী কলেজ অধ্যক্ষই অন্ধবিশ্বাসৰ আশ্ৰয় লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অন্ধবিশ্বাসৰ আশ্ৰয় লৈ এগৰাকী উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষই এনে কাণ্ড কৰাৰ ঘটনাই খলকনি তুলিছে সোণাৰিত৷ বৃহস্পতিবাৰে অধ্যক্ষ গৰাকীৰ এনে ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী আৰু ছাত্ৰ একতা সভাৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ বিপুল দে’ক শীঘ্ৰে নিলম্বনৰ দাবীৰে প্ৰতিবাদ কৰি মহাবিদ্যালয় খনৰ মূখ্যদ্বাৰত তলা ওলমোৱাৰ লগতে অধ্যক্ষৰ কোঠাতো তলা ওলমাই৷