গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট: বদৌচা কাপ অহা ৯ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্তেম্বৰলৈ অসমৰ মুঠ ৭টা স্থানত অনুষ্ঠিত হ’ব। মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা ক্ৰীড়া সন্থা, সমন্বয় সংঘ, ডিগবৈৰ সহযোগত মাজুলী, তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু দুলীয়াজানত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাৱ, নেপালৰ শ্যাচাল ইউথ ক্লাৱ, আইএচএলৰ দ’ল জামছেদপুৰ এফচি, যোৱাবছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মনিপুৰৰ ট্ৰাউ এফচি, আসাম ৰাইফলচ্, অইল ইণ্ডিয়া এফচি, অসম পুলিচকে ধৰি মুঠ ২২টা দ’লে অংশ গ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। লীগ পৰ্যায়ত অংশ লবলগীয়া আন দ’ল সমূহ হৈছে ক্ৰমে বদৌচা স্পৰ্টছ্ ক্লাৱ, বাৰেকুৰি এফচি, তিনিচুকীয়া ডিভিজনেল ৰেলৱে স্পৰ্টছ্ ক্লাৱ, সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ এফচি, জেনেক্সট এফচি, কুণ্ডীল ভেলী এফচি, মৰাণ টাউন ক্লাৱ, যোৰহাট টাউন ক্লাৱ, হালোৱাটিং ইউনাইটেড এফচি, কাৰবি আংলং মৰনিং ষ্টাৰ এফচি, ডিএফএ চাংলাং, নামৰূপ টাউন ক্লাৱ, জেৰাই মূদৈ যুৱ ক্ৰীড়া মঞ্চ আৰু দুলীয়াজান ক্লাৱ। প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ বাবে সাংসদ প্ৰদান বৰুৱাক সভাপতি, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীক কাৰ্যকৰী সভাপতি, জীৱন বৰুৱা আৰু উদয়ন কুমাৰ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন কেন্দ্ৰীয়ভাৱে অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰা হয়। প্ৰায় ১ কোটি ৬২ লাখ টকাৰ বাজেটৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে। প্ৰতিযোগিতাখনৰ মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত ৯ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰাৰ লগতে একেদিনাই শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামতো প্ৰতিযোগিতা আৰম্ভ হ’ব। প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি এখন বহুভাষিক স্মৃতিগ্ৰন্থ ‘বদৌচা’ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। সেয়ে সকলো লেখক-লেখিকাৰ পৰা ক্ৰীড়া বিষয়ক লেখা আহ্বান কৰি বদৌচা স্পৰ্টছ্ ক্লাৱৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুৰজিৎ বড়াই ৯৯৫৭৭৭৭০১৩ নম্বৰত অথবা [email protected] ত লেখাসমূহ পঠাৱলৈ অনুৰোধ জনাইছে। শুক্ৰবাৰে গুৱাহাটীৰ হোটেল গ্ৰীণ ভেলীত অনুষ্ঠিত সংবাদমেলত বদৌচা স্পৰ্টছ্ ক্লাৱৰ সভাপতি অৰুণজ্যোতি মৰাণ, সহকাৰী সম্পাদক বিশ্বজিৎ মৰাণ, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মুনীন দুৱৰা, আলোচনী সম্পাদক গিৰিন মৰাণ আৰু প্ৰতিযোগিতাখনৰ স্মৃতিগ্ৰন্থ ‘বদৌচা’ৰ সম্পাদক সুৰজিৎ বড়া উপস্থিত থাকে।