চিৰাং

৬ ছেপ্টেম্বৰ

বনৰীয়া হাতীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা। আৰক্ষী আৰু বন বিভাগে বন্দুকসহ চোৰাং চিকাৰীৰ লগতে হাতী দাঁতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিলে।

চিৰাংত হাতী দাঁত, বন্দুকৰ সৈতে গ্ৰেপ্তাৰ চোৰাং চিকাৰীয়ে বন বিভাগক দেখুৱালে বনৰীয়া হাতী হত‍্যা কৰা ঠাই। বনৰীয়া হাতী চিকাৰ আৰু হাতী দাঁতৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিনত চিৰাং জিলাৰ বনাঞ্চল। শনিবাৰে চিৰাং বন বিভাগে অভিযান চলাই জিলাখনৰ ৰুণীখাটা থানাৰ অন্তৰ্গত লাওপানী আশ্ৰাবাৰী গাঁৱত অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চিকাৰীটোৰ কবলৰ পৰা এটা বন্দুক জব্দ কৰে। বন বিভাগে ডাফলা ওৰফে উত্তম নাৰ্জাৰী নামৰ চোৰাং চিকাৰী জনক গাঁও বাসী ৰাইজৰ সহযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। চিৰাং বন সংমণ্ডল প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয়বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গাঁওবাসীৰ সহযোগত বন বিভাগে উত্তম নাৰ্জাৰীক বন্দুকসহ গ্ৰেপ্তাৰ কৰাৰ। দেওবাৰে চিকাৰী জনে বন বিভাগৰ লোকক বনৰীয়া হাতী চিকাৰ কৰা ঠাইলৈ লৈ যায় আৰু চিকাৰী জনে হত্যা কৰা এটা বনৰীয়া হাতীৰ উৱলি যোৱা মৃতদেশ দেখুৱায়। বন বিভাগে ইতিমধ্যে চিকাৰী জনৰ বিৰুদ্ধে বনৰীয়া হাতী হত্যা কৰি হাতী দাতৰ চোৰাং ব‍্যৱসায় কৰাৰ অপৰাধত বন আইনৰ কেবাটাও ধাৰাত গোচৰ পঞ্জিয়ন কৰিছে। দেওবাৰে চিকাৰী জনৰ কভিড পৰিক্ষা কৰাত চিকাৰী জন কভিড-১৯ আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় আৰু কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ আইচলেচনত চিকাৰী জনক ৰখা হয়।

উল্লেখ যে কিছুদিন পুৰ্বেও চাৰিটাকৈ হাতী দাঁতসহ দুজনকৈ হাতী দাতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু চিৰাং বন বিভাগ শেষতীয়াকৈ চিৰাং জিলাত উগ্ৰপন্থীৰ সমস‍্যা নোহোৱা হৈছে যদিও বনৰীয়া হাতী চিকাৰী আৰু হাতী দাতৰ চোৰাং ব্যৱসায়ীয়ে জিলাখনত বাহৰ পাতি লোৱা পৰিলক্ষিত হৈছে। দুদিন পুৰ্বেও জিলাখনৰ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰীয়ে হত্যা কৰা এটা।মৃতহাতী উদ্ধাৰ হৈছিল। চিৰাং বন বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযান তিব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।