বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,১২ফেব্ৰুৱাৰী: বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী তথা বিহদিয়াত মংগলবাৰে বিয়লি বাইহাটা চাৰিআলি আৰক্ষীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত আৰক্ষীসহ আঠ গৰাকীকৈ আহত হয় । ঘটনা সন্দৰ্ভত পোৱা তথ্যানুসৰি এগৰাকী মহিলা আচামী থানালৈ আনি থকা অৱস্থাত বাইহাটা চাৰিআলি-গোৰেশ্বৰ গড়কাপ্তানী পথৰ বিহদিয়াত সংঘটিত হয় এই দুৰ্ঘটনা। মহিলা আৰক্ষী সহ আঠজন আহত হয় । আহত আটাইকেইজনকে নিকটৱৰ্তী বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও গুৰুতৰ ভাৱে আহত দুজনক জি এম চি এইচ্ লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱৰ ওচৰৰ পৰা এগৰাকী মহিলা আচামীক থানালৈ আনি থকা অৱস্থাত সন্মুখত পৰা টেম্প গাড়ী এখনক বচাবলৈ গৈ আৰক্ষীৰ চুমু বাহন খনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । ফলত গাড়ী খনত থকা আটাই কেইজন আঘাত প্ৰাপ্ত হয় ।