বাক্সা, সংবাদ ৩৬৫, ১২ অক্টোবৰ: বাক্সা জিলাৰ নাগ্ৰীজুলিত অব্যাহত আছে হস্তী মানুহৰ সংঘাত। শুকুৰবাৰে পুৱা বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তর্গত ১ নং বগৰীখুটিত উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ মৃতদেহ। স্থানীয় ৰাইজে বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষী চকীত আৰু বন বিভাগৰ লোকক খবৰ দিয়ে। পাছত খবৰ পাই নাগ্ৰীজুলি আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয়। উল্লেখ্য যে যোৱা ৪ অক্টোবৰৰ ৰাতিপুৱাও ১ নং বগৰীখুটিত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। হস্তী মানুহৰ সংঘাতত বিধ্বস্ত হৈ পৰিছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চল। চলিত বৰ্ষত তামুলপুৰ মহকুমাত ৫টাকৈ বন্য হাতীৰ মৃত্যু হোৱাৰ উপৰিও একাধিক লোক বন্যহাতীৰ আক্ৰমণত নিহত হৈছে। বনৰীয়া হাতীটোৰ মৃত্যুত স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি ফুল অৰ্পণ কৰে। উল্লেখযোগ্য যে মানুহে পাহাৰত গছ-বন কাটি উলংঘন কৰাৰ ফলত এইদৰে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চল এৰি বনাঞ্চললৈ মুক্ত বিচৰণ কৰি ফুৰিছে।