বাক্সা, সংবাদ ৩৬৫, ১৮ জুলাইঃ বাক্সাত এতিয়াও সক্ৰিয় হৈ আছে মানৱদেহ সৰবৰাহকাৰী ৷ কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি বহি:ৰাজ্যলৈ চালান দি আহিছে মহিলা -যুৱতী ৷ মংগলবাৰে বাক্সাৰ ৰঙিয়া ৰেল ষ্টেচনত উদ্ধাৰ হয় ছয় গৰাকী যুৱতী লগতে আটক কৰা হয় এজন ব্যক্তিক। উল্লেখ্য যে মংগলবাৰে বাক্সা জিলাৰ দৰংগামেলাৰ পৰা ছয়গৰাকী যুৱতীক গুজৰাটলৈ নিয়াৰ বাবে ৰঙিয়া ৰেল ষ্টেচনত ৰৈ আছিল আগাষ্টিন চোৰেন নামৰ লোক এজন। ষ্টেচনত লোকজনৰ সন্দেহজনক চালচলন প্ৰত্যক্ষ কৰি ৰেলৱে আৰক্ষীয়ে আগাষ্টিন চোৰেনক সোধাপোছা কৰাত ওলায় পৰে প্ৰকৃত কথা ৷ চোৰেনৰ স্বীকাৰোক্তিৰ পিচতে পোহৰলৈ আহে মানৱ সৰবৰাহৰ ভয়ংকৰ কাহিনী ৷ চোৰেনৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰেলৱে আৰক্ষীয়ে ছয়গৰাকী যুৱতীক উদ্ধাৰ কৰে ৷ পিচত নিশাই যুৱতীসহ মানৱ সৰবৰাহৰ লগত জড়িত আগাষ্টিনক ৰেলৱে আৰক্ষীয়ে বাক্সাৰ দৰংগামেলা আৰক্ষীক গতায় দিয়ে ৷ উল্লেখ্য যে বাক্সাৰ ভাৰত -ভূটান সীমান্তৰ লোক সকলৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহন কৰি কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি এচাম দুষ্ট চক্ৰই বহি:ৰাজ্যলৈ মহিলা -যুৱতীক চালান দি আহিছে ৷