বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৫ মেঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা মহকুমাৰ অন্তৰ্গত গনেশগুৰীত ফৰেষ্ট লেণ্ডত বসবাস কৰি থকা লোক সকলক শনিবাৰে বিটিচি চৰকাৰৰ দ্বাৰা ভূমিৰ পাট্টা প্ৰদান কৰা হয়। ১৯৮৯ চনত নাগালেণ্ডৰ পৰা পলাই আহি অসমৰ ভাৰত ভূটান সীমান্তৰ বগাজুলী, গনেশগুৰী, আমলগুৰী, নাগাবষ্টি অঞ্চলত বসবাস কৰি থকা প্ৰায় ৬৩ গৰাকী লোকক বিটিচিৰ অধীনত দ্বিতীয় পৰ্যায়ৰ মাটিৰ পাট্টা প্ৰদান কৰা হয়। মাটিৰ পাট্টা প্ৰদান সভাত উপস্থিত থাকি বিটিচিৰ উপ মূখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে জনোৱা মতে ফৰেষ্ট লেণ্ড ৰাইট এক্টৰ মতে ২০০৬ ৰ অধিনত জনজাতীয় লোক সকলৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোক সকলৰ ৩য় প্ৰজন্মলৈকে বসবাস কৰি থকা লোক সকলেহে ভূমিৰ অধিকাৰ পাব বুলি জনায়। আনহাতে ২০১৬-১৭ বৰ্ষত হাতীৰ আক্ৰমণত মৃত্যু বৰণ কৰা লোক সকলক চাৰি লাখকৈ টকাৰ চেক প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালক ক্ষতিপূৰণ ক্ষতিপূৰণ প্ৰদান কৰা হয়।