বাক্সা, সংবাদ ৩৬৫, ১২ জুলাইঃ পুনৰ হস্তী-মানুহৰ সংঘাত। আকৌ বনৰীয়া হাতীৰ সন্ত্ৰাসে লণ্ড – ভণ্ড কৰিলে ১০টাকৈ পৰিয়াল। বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ সুৱাগপুৰত বুধবাৰে নিশা বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত সুৱাগপুৰত প্ৰৱেশ কৰি আক্ৰমন চলায়। জানিব পৰা মতে বনৰীয়া হাতীৰ জাকটোৱে ভৰালৰ ধান, খাদ্য শস্য, তামোলৰ বাগান বিধস্ত কৰে। উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত নিশা হলেই ভূটান পাহাৰ আৰু বৰনদী অভয়াণ্যৰ পৰা ওলাই আহি মুক্ত বিচৰণ কৰি মানুহৰ ঘৰ -দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিবাতিৰ অনিষ্ট সাধন কৰি আহিছে। কিন্তু বন বিভাগে হাতীৰ জাকটো আজি পৰ্যন্ত খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। পুথিমাৰী নৈৰ ঘন জাৰণিত সম্প্ৰতিও হাতীৰ জাকটোৰ অৱস্থান৷