বাক্সা, সংবাদ ৩৬৫, ১১ জুলাইঃ পুনৰ হস্তী-মানুহৰ সংঘাত। আকৌ হস্তী-মানুহৰ সংঘাটত প্ৰাণ হেৰুৱাবলগীয়া হ’ল বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চলৰ লক্ষীধৰ বৰ্মন নামৰ এজন কৃষক। মংগলবাৰে নিশা বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত নাগ্ৰীজুলি অঞ্চলৰ পূৱ গয়বাৰীত প্ৰৱেশ কৰি আক্ৰমন চলায়। জানিব পৰা মতে বনৰীয়া হাতীৰ জাকটোৱে লক্ষীধৰ বৰ্মনৰ বাসগৃহত প্ৰথমে প্ৰৱেশ কৰি আক্ৰমন কৰে ৷ নিজৰ বাসগৃহটো হাতীৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাওতে নিজে হাতীৰ আক্ৰমনৰ বলি হ’বলগীয়া হ’ল লক্ষীধৰ বৰ্মন নামৰ কৃষকজন। উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত নিশা হলেই ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ এটা বৃহৎজাকে নাগ্ৰীজুলি অঞ্চলৰ দোঙৰগাঁও, হস্তিনাপুৰ, গয়বাৰী, নাগ্ৰীজুলি চাহ বাগিচাৰ ভিতৰত মুক্ত বিচৰণ কৰি মানুহৰ ঘৰ -দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিবাতিৰ অনিষ্ট সাধন কৰি আহিছে ৷ কিন্তু বন বিভাগে হাতীৰ জাকটো আজি পৰ্যন্ত খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰফলত হাতীৰ আক্ৰমনত নিৰীহ লোকজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে৷