বাক্সা, সংবাদ ৩৬৫, ২ আগষ্টঃ বাক্সাত দীৰ্ঘদীনে ধৰি বনৰীয়া হাতীৰ তাণ্ডৱ চলি থকাৰ মূহূৰ্ততে বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ পোৱালীৰ মৃতদেহ৷ বৃহস্পতিবাৰে পুৱা কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বগাজুলি সংৰক্ষিত বনাঞ্চলৰ দাতিকাষৰীয়া গনেশগুৰিত এটা বনৰীয়া হাতী মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷পিচত স্থানীয় লোকে বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীৰ মৃতদেহটো উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰে ৷ জানিব পৰা মতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ সীমান্ত অঞ্চলৰ ৰাইজে নিশা প্ৰয়োগ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুতপৃষ্ট হৈ মৃত্যুক আকোৱালী লোৱা বুলি সন্দেহ কৰা হৈছে ৷