গুৱাহাটী, ৬ জুলাইঃ ৰাজ্যখনৰ সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বানাক্রান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান সাহায্য সামগ্ৰী বিতৰণ, শিশু খাদ্য, পশু খাদ্য, ঔষধ পাতিকে ধৰি চিকিৎসা সেৱা তাৎক্ষণিক ভাবে প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক জৰুৰী নির্দেশ প্রদান কৰিছে। জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত অনুষ্ঠিত শেহতীয়া বান পৰিস্থিতিৰ পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই নির্দেশ দিয়ে। বানাক্রান্ত অঞ্চলসমূহৰ আশ্রয় শিৱিৰত থকা বন্যার্তসকলে যাতে খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সাহায্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আৰু শিৱিৰসমূহৰ যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত হয় তাৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।  মুখ্যমন্ত্রীয়ে বানপানীত নিহত হোৱা ব্যক্তিসকলৰ নিকটাত্মীয় সকললৈ ৪ লাখ টকাৰ এককালীন সাহায্যৰ পুঁজি ৪৮ ঘন্টাৰ ভতৰত নিশ্চিতভাৱে প্ৰদান কৰাৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে বানত আবদ্ধ হৈ থকা  মানুহৰ লগতে পশুধনৰ উদ্ধাৰ কাৰ্য ক্ষীপ্ৰ আৰু তৎপৰতাৰে গ্ৰহণৰ বাবেও নর্দেশ দিয়ে। প্রয়োজন সাপেক্ষে এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অন্যান্য সুৰক্ষা বাহিনীসমূহক জড়িত কৰোৱাৰ ব্যৱস্থা লবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ সাংসদ, বিধায়ক সকলক নিজ নিজ এলেকাসমূহত বন্যার্তসকলৰ সাহায্য সামগ্ৰী বিতৰণ তথা উদ্ধাৰ অভিযান উপযুক্ত ভাবে তদাৰক কৰাৰ বাবেও আহ্বান জনায় |  বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ কৃষকসকলে যাতে বানপানীৰ পিছতে খেতি পথাৰত ৰোপনৰ বাবে উন্নত মানৰ কঠিয়া লাভ কৰে সেইটো নিশ্চিত কৰাৰ জৰুৰী পদক্ষেপ গ্রহণ কৰিবলৈ কৃষি বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।