বৰপেটা, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ প্ৰস্তুতিৰ বতৰাত যেন ৰজন-জনাই উঠিছে বৃহত্তৰ বানিয়াৰাপাৰা-গৰৈমাৰি অঞ্চলৰ আকাশ-বতাহ। আগন্তুক ২৮, ২৯ আৰু ৩০ জানুৱাৰীত তিনি দিনীয়া বাৰেবৰণীয়া কাৰ্য্যসূচীৰে কলেজ প্ৰাঙ্গণত অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ বাতৰিয়ে কলেজখনৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শুভাকাংক্ষী ৰাইজ এক প্ৰকাৰ নষ্টালজিক হৈ পৰা দেখা গৈছে। মিলন হ’ব ২৯টা শিক্ষা বৰ্ষত কলেজখনত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ আৰু মিতিৰ-কুটুমৰ। তদুপলক্ষে ৰূপালী জয়ন্তী উৎসৱৰ সকলো ধৰণৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ উদ্দেশ্যে শুক্ৰবাৰে বিয়লি দুই বজাত কলেজত ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ এক কাৰ্যালয় উদ্বোধন কৰা হয়। কাৰ্যালয়টো উদ্বোধন কৰে বানিয়াৰাপাৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ ছামচুল হকে। তাৰ লগতে বানিয়াৰাপাৰা বজাৰস্থিত মুক্তিপথ ক্লাব আৰু লাইব্ৰেৰীৰ কাৰ্যালয়ত অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জনপ্ৰিয় জুনিয়ৰ কলেজৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক এম নেওয়াজুল হক।