গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন৷ চ’তৰ শেষত আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল৷ আম-জামো ফলিয়ালে৷ এতিয়া প্ৰকৃতিৰ লগতে চৌদিশে ব’হাগ অহাৰ বতৰা৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাচনিও ঢোলৰ চেওত নাচিবলৈ সাজু৷ বিহুলৈ মাজত মাথো কেইটামান দিন, ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰিস্তুতিৰ সমান্তৰালকৈ ঢোল নিৰ্মাতা সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত। উজনিৰ পৰা নামনিলৈকে বিহুৰ পূৰ্বে ঢোল নিৰ্মাণ কৰি বছৰটোৰ বাবে আৰ্থিক দিশত কিছু সৱল হোৱাৰ সপোন দেখিছে এই সুনিপুন কাৰিকৰ সকল। অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ সমান্তৰাল ভাৱে নতুন ঢোলৰ মূল্য আৰু মেৰামতিৰো মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে একোটা নতুন ঢোলৰ বিক্ৰী মূল্য চাৰি হাজাৰৰ পৰা পাঁচ হাজাৰ টকাৰ বিপৰীতে মেৰামতিৰ মূল্য দুই হাজাৰ টকা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঢোলৰ বিপনী সমূহত ৫০ টা কৈ ঢোল বিক্ৰী হলে এক সন্তোষজনক আয় কৰিবলৈ সক্ষম হয় ঢোল শিল্পীৰ লগত জড়িত ব্যৱসায়ী সকল। স্বভাৱিকতে বিহুৰ সমান্তৰাল ভাৱে ঢোল শিল্পীৰ লগত জড়িত ব্যৱসায়ী সকল আয় বৃদ্ধি পোৱা এক ধনাত্মক দিশ হিচাপে বিবেচিত হৈছে।