ছয়গাঁও

১০ ছেপ্টেম্বৰ

বামুণীগাঁও আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ বন সুৰক্ষা বাহিনীৰ অভিযান৷ অভিযানত পাঁচখন অবৈধ বালি ভৰ্তি বাহন জব্দ৷ বুধবাৰে নিশা চলোৱা অভিযানত বিহাপাৰা শিঙিমাৰীৰ দুখন অবৈধ বালি ভৰ্তি ডাম্পাৰ আৰু তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাকসহ মুঠ পাঁচখন বাহন জব্দ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ বিহাপাৰা শিঙিমাৰীত কলহী নৈৰ পৰা একাংশ অসাধু লোকে অবৈধভাৱে বালি উঠাই সৰবৰাহ কৰি আছিল৷ বুধবাৰে নিশা বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত তথা শিংৰা ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া অনন্ত কলিতা আৰু কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সহযোগত বন বিভাগে এক অভিযান চলাই নৈৰ ঘাটৰ পৰা পাঁচখন অবৈধ বালি ভৰ্তি বাহন জব্দ কৰে৷ আনহাতে মঙলবাৰে নিশাও বন সুৰক্ষা বিষয়াৰ নেতৃত্বত বামুণীগাঁৱত তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগে৷ যোৱা দুদিনত বামুণীগাঁও বন সুৰক্ষা ৰেঞ্জাৰৰ নেতৃত্বত বন বিভাগে মুঠ আঠখন অবৈধ বালি ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা বাহন কেইখনৰ নম্বৰ হৈছে এএছ- ০১-এল-চি-৫৮৫৯, এএছ-১৩-চি-০৯৫৩, এএছ-২৫-দিচি-৫৪৪২, এএছ-০১-বিচি-৯৯১৮, এএছ-০১-এফচি-৭৮৪৬, এএছ-০১-জি-৭১১৮ আৰু এএছ-১১-এ-৪০৩১৷ আনহাতে বন বিভাগে এখন নাম্বাৰপ্লেট বিহীন বালি ভৰ্তি ট্ৰাকো জব্দ কৰিছে।

উল্লেখযোগ্য যে ছয়গাঁও আৰু গৰৈমাৰী অঞ্চলৰ শিঙিমাৰী, বিহাপাৰা, চাম্পুপাৰা আদি অঞ্চলত কলহী নৈৰ পৰা অবৈধভাৱে বালি উঠাই বিভিন্ন ঠাইলৈ সৰবৰাহ হৈ আছে যদিও অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালিৰ বেহা বন্ধ কৰিবলৈ বন বিভাগ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷