পলাশবাৰী, সংবাদ ৩৬৫ , ৩ জুন : এটা পথে জ্বলা-কলা খোৱাইছে ৰাইজক । গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অন্যান্য গুৰুত্বপুৰ্ণ পথ হিচাপে পৰিচিত ৰাণীৰ পৰা বঙৰা সংযোগী গড়কাপ্টানী পথছোৱা বাৰিষা আৰম্ভ নহওতে যাতায়তৰ বাবে অচল অৱস্থা হৈ পৰিছে যাৰ বাবে এতিয়া জীয়াতু ভুগি আছে ৰাইজে ।

সম্প্ৰতি পথছোৱাত সৰু-ডাঙৰ পুখুৰীসদৃশ গাতৰ সৃষ্টি হৈছে । প্ৰকৃততে পথছোৱাত গাঁত আছে নে গাঁতৰ মাজতহে পথ আছে তাক চিনাৰ উপায় নোহোৱা হৈ পৰিছে । নিতৌ পথটোৰে ট্ৰাক-ডাম্পাৰ চলাচল বাবে বিধ্বস্ত হৈ পৰিছে অঞ্চলটোৰ বাট-পথ ।বিমোৰত পৰিছে সাধাৰণ ৰাইজ । ৰাণীৰ পৰা বঙৰালৈ পথেৰে অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে কাৰণ দিনে-নিশাই অবাধ গতিতে চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমুহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায় ।

এতিয়া প্ৰশ্ন উঠে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই পথচোৱা মেৰামতি কৰিবনে ? নে নিতৌ ডাম্পাৰৰ দৌৰাত্মত জীয়াতু ভুগি থাকিব সৰ্বসাধাৰন ৰাইজে ?