সোণতলী, ২৬, চেপ্তেম্বৰঃ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ পুনৰ উদং হৈছে কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলীত৷ সোণতলীৰ চৰাঞ্চলৰ এগৰাকী প্ৰসূতিয়ে আজি এখন টুলুঙা নাৱত এটি পুত্ৰ সন্তান জন্ম দিয়া ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চৰাঞ্চলটোৰ যাতায়ত ব্যৱস্থাৰ অধিক অৱনতি ঘটাৰ বাবেই প্ৰসূতি গৰাকীয়ে টুলুঙা নাৱত শিশু জন্ম দিব লগা হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ প্ৰাপ্ত তথ্য মতে, সোণতলী মৌজাৰ বৰদিয়া নয়াপাৰা গাঁৱৰ জিয়াৰুল ওৰফে জিলাপ আলীৰ পত্নী ছবিৰণ নেছা(৩২) নামৰ মহিলাগৰাকীৰ দুপৰীয়া প্ৰায় ১-৩০ বজাত প্ৰসৱ বিষ হয়৷ নয়াপাৰাৰ পৰা যাতায়তৰ কোনো সুবিধা নথকাত পৰিয়ালৰ লোকে টুলুঙা নাওঁ এখন ভাড়াতলৈ প্ৰসূতি গৰাকীক সোণতলী স্বাস্থ্য কেন্দ্ৰ অভিমুখে নিয়ে। যাত্ৰা পথত প্ৰসূতি গৰাকীৰ অৱস্থা ক্ৰমান্ধয়ে সংকটজনক হৈ পৰাত বকোৰ আৰিকাটি গাঁৱত মহিলা গৰাকীয়ে নাৱতেই এটি পুত্ৰ সন্তান জন্ম দিয়ে৷ বৰ্তমানে নৱজাতকৰ লগতে প্ৰসূতিগৰাকী সুস্থ থকা বুলি জানিব পৰা গৈছে৷