নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।  এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৩৬,২০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ২,০২,৫০৮গৰাকীৰ ছাত্ৰ-ছাত্ৰী । বিগত বৰ্ষৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ বেছি ৬০.২৩ শতাংশ । এইবাৰৰ ফলাফলত ছাত্ৰৰ আধিপত্য। ৬২.৬৯ শতাংশ ছাত্ৰ হোৱাৰ বিপৰীতে ৫৭.৯৯ শতাংশ ছাত্ৰী।

ইফালে অৱতীৰ্ণ হোৱা মুঠ ৩,৩৬,২০৩ শিক্ষাৰ্থীৰ ৩৯৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত বহিষ্কৃত হৈছিল আৰু ১০গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল বিভিন্ন কাৰণত বন্ধ ৰখা হৈছে।

জিলা ভিত্তিত বিগত বৰ্ষৰ দৰে বানে গৰকা ধেমাজিয়ে ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থান দখল কৰিছে।

শিৱসাগৰ জিলাত মুঠ উত্তীৰ্ণৰ হাৰ ৭০.২০ শতাংশৰে দ্বিতীয় স্থানত আছে শিৱসাগৰ ।

আনহাতে ৭০.০৮ শতাংশৰে তৃতীয় স্থানত আছে নলবাৰী জিলা ।

ইফালে ২০১৯ বৰ্ষৰ আটাইতকৈ শোচনীয় ফলাফল হাইলাকান্দি জিলাত। ৩৯.০১ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে জিলাখনত।