গুৱাহাটী
৬ ছেপ্টেম্বৰ
যোৱা ৩ ছেপ্টেম্বৰত অসম বিধানসভাত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি জনায়ো এই কথা স্বীকাৰ কৰিবই লাগিব যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক কৰিয়েই বিজেপি চৰকাৰে এইদৰে মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৰাকীয়ে লগতে কয় যে, নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ভাৱি স্বায়ত্তশাসিত পৰিষদ লাভ কৰাৰ বাবে উল্লিখিত জনগোষ্ঠী তিনিটাৰ একাংশ লোকে স্বাভাৱিকতে কিছু আনন্দ উল্লাস কৰিছে যদিও প্ৰকৃততে জনগোষ্ঠী তিনিটাৰ প্ৰতি বিজেপি চৰকাৰে চৰম অন্যায়হে কৰিছে। এই জনগোষ্ঠী তিনিটাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু জনজাতিকৰণ লাভ কৰাটো তেওঁলোকৰ প্ৰাপ্য। বিজেপিয়ে বিগত দুটাকৈ লোকসভা নিৰ্বাচনত তথা বিগত বিধানসভা নিৰ্বাচনত মৰাণ, মটক আৰু কোচঁ ৰাজবংশীকে ধৰি চাহ জনগোষ্ঠী, টাই আহোম আৰু চুতীয়া এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়ো পালন নকৰাৰ বাবে ইতিমধ্যে ব্যাপকভাৱে সমালোচিত হোৱা বিজেপি যে সমাগত বিধানসভা নিৰ্বাচনতো এই বিষয়টোক লৈ ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন হ’ব সেইকথা উপলব্ধি কৰিয়েই এইদৰে খৰখেদাকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ উদ্যোগ লৈছে।জনজাতিকৰণৰ বাবে দীঘলীয়া সংগ্ৰাম কৰা তিনিটা জনগোষ্ঠীক এইদৰে স্বায়ত্তশাসিত পৰিষদ দিয়ে সন্তুষ্ট কৰিব বিচৰা কাৰ্য এহাতেদি কণা হাঁহক পতান ধান দিয়াৰ দৰে হৈছে আৰু অন্যহাতেদি এই কাৰ্যৰ দ্বাৰা বিজেপিয়ে জনজাতিকৰণৰ দাবীত ইমানদিনে সন্মিলিতভাৱে যুঁজ দি অহা ছয় জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। এনে বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ বিজেপিক সকীয়াই দিয়াৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি মূল দাবী সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈয়ো দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। “ছয় জনগোষ্ঠীক কেতিয়া জনজাতিৰ মৰ্যাদা দিয়া হ’ব, সেই কথা বিজেপিয়ে স্পষ্টভাৱে ৰাইজক কোৱা উচিত। স্বায়ত্তশাসিত পৰিষদ দি বিজেপিয়ে মূল দাবীৰ পৰা ফালৰি কাটিলে নহ’ব। জনজাতিকৰণৰ দাবী তোলা চাহ জনগোষ্ঠী ,চুতীয়া আৰু টাই আহোমসকলে এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁলোকৰ নামত বিজেপি চৰকাৰে একো ঘোষণা কৰা নাই বুলিও প্ৰেছ বিবৃত্তি যোগে চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে ৰুপুন বৰাই।
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা অবিভক্ত গোৱালপাৰা অঞ্চলৰ কোচ ৰাজবংশীসকলক সামৰি লোৱা হৈছে যদিও সেই অঞ্চলটোৰ উপৰি সমগ্ৰ ৰাজ্যজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কোচ ৰাজবংশীক বঞ্চিত কৰা হ’ল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। বিজেপিয়ে ললীপপৰ ৰাজনীতি বন্ধ কৰক।জনগোষ্ঠীসমূহৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰক বুলিও প্ৰেছ বিবৃত্তি যোগে চৰকাৰক আহ্বান জনায় ৰিপুন বৰাই।