আজিজুল হক

বৰপেটা 

২৮ নৱেম্বৰ

“বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ।
আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতি বিচাৰে যিটো বিজেপিৰ দিনত সম্ভৱ হৈছে। বিজেপিৰ কাৰ্যকালত মুছলমান সকল অধিক সুৰক্ষিত অনুভৱ হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকা বাবে এজনো মুছলমান অত্যাচাৰিত, নিৰ্যাতিত হোৱা নাই যিবোৰ অইন চৰকাৰৰ দিনত হৈছিল”।

বৰপেটাৰ চেঙা সমষ্টিৰ বিষ্ণুপুৰত বিজেপিৰ কিষাণ মৰ্চাৰ গোমাফুলবাৰী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত মৰ্চাৰ জিলা সভাপতি ৰাতুল পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান। বিটিচিত বিজেপিৰে চৰকাৰ হ’ব বুলি মন্তব্য প্ৰকাশ কৰি মুক্তাৰ হুছেইন খানে কয় যে ২১ খন আসন নাপালেও বিজেপিয়ে চৰকাৰ গঠন কৰিব বিটিচিত। বিটিচিত ৬ খন আসন সংখ্যালঘু ভোটাৰৰ সহযোগত বিজেপিৰ দখললৈ আহিব। সভাত মুক্তাৰ হুছেইন খানে কয় যে অসমৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা সবল নেতৃত্বৰ বাবে বিটিচিৰ ৰাইজে এইবাৰ বিজেপিক জয়ী কৰাব। সবকা সাথ সবকা বিকাশ নীতিত বিস্বাস কৰি বিটিচিৰ ৰাইজে হিয়া উজাৰি বিজেপিক দিব সমৰ্থন। উল্লেখযোগ্য যে চেঙা সমষ্টিত গণভেটি শক্তিশালী কৰাৰ বাবে অধিক তৎপৰ হোৱা দেখা গৈছে বিজেপিক। সমষ্টিটো কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদৰ দখলৰ পৰা আজুৰি আনি বিজেপিৰ দখললৈ নিয়াৰ বাবে বিজেপিয়ে চেঙা সমষ্টিত অনুষ্ঠিত কৰি আহিছে ইখনৰ পিছত সিখন সভা।

বিজেপিৰ কিষাণ মৰ্চাৰ উদ্যোগত চেঙাৰ বিভিন্ন পঞ্চায়তত বিজেপিৰ কিষাণ মৰ্চাই সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে কিষান মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ কৌশিক বৰা, সম্পাদক মনোজ ডেকা, বিজেপিৰ জিলা সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, বসন্ত ঠাকুৰীয়া আৰু গোমাফুলবাৰী মণ্ডলৰ সভাপতি আনন্দ তালুকদাৰৰ লগতে চেঙা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তা সকল।