আজিজ আলী

হাজো

১৮ অক্টোবৰ

প্ৰাক্তন সাংসদৰ নিৰ্বাচনী সমীক্ষা কংগ্ৰেছৰ দলে ৮০ খনৰো অধিক আসন লাভ কৰিব। বিজেপিয়ে পাব ২৫ ৰ পৰা ৩০ খন আসন। হাগ্ৰামাৰ মহিলাৰীৰ বি পি এফ দলৰ লগত মিত্ৰতা হ’ব কংগ্ৰেছৰ। বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকীৰ সমীক্ষা কংগ্ৰেছে গঠন কৰিব চৰকাৰ।

ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী যদিও বিভিন্ন ৰাজনৈতিক দল সমূহে ভিতৰি ভিতৰি ইতিমধ্যে আৰম্ভ কৰিছে নিজ নিজ দলৰ প্ৰচাৰ অভিযান। বিজেপিয়ে মিছন ১০০ প্লাছৰ লক্ষ্য আগত ৰাখি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈ থকাৰ বিপৰীতে কংগ্ৰেছ দলেও ৮০ প্লাছ আসন দখল কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে। দেওবাৰে হাজো বিধানসভা সমষ্টিত আগন্তক ২০২১ ৰ নিৰ্বাচনী সমীক্ষা আগবঢ়ালে বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই। ৰাম প্ৰসাদ শৰ্মাৰ দাবী কংগ্ৰেছ দলে ৮০ খনৰো অধিক আসন দখল কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত। বিজেপি দলে এইবাৰ ২০ ৰ পৰা ৩৫ খন আসন পাব বুলিও ভৱিষ্যতবাণী কৰে ৰাম প্ৰসাদ শৰ্মাই। ইফালে বৰ্তমানৰ বিজেপি চৰকাৰৰ লগত থকা হাগ্ৰামাৰ মহিলাৰীৰ বি পি এফ দল আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিব বুলিও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাম প্ৰসাদ শৰ্মাই। আছুৰ আঞ্চলিক ৰাজনৈতিক দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টা সংগঠনৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে বিজেপিৰ প্ৰাক্তন সাংসদ তথা ন-কংগ্রেছী ৰাম প্ৰসাদ শৰ্মা। আনহাতে ২০২১ৰ নিৰ্বাচনত বৰছলা সমষ্টিৰ পৰা ৰাম প্ৰসাদ শৰ্মা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।

দেওবাৰে হাজোৰ বিষ্ণু ৰাম মেধি সাংস্কৃতিক প্ৰকল্পত হাজো ব্লক কংগ্ৰেছ সেৱা দলৰ উদ্দোগত কামৰূপ জিলা কংগ্ৰেছ সেৱা দলৰ সহযোগত তফিকুৰ ৰহমানৰ পৌৰহিত্তত অনুষ্ঠিত কৰ্মী সভাত আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে ৰাম প্ৰসাদ শৰ্মাই। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদক তবিবুৰ ৰহমান, দলৰ মূখপাত্ৰ দিলীপ শৰ্মা, কংগ্ৰেছ নেতা নুৰমহম্মদ, খগেন কলিতা, বাপুকন আলী, ৰুবুল আলী, ইন্তাজুৰ ৰহমান সমন্বিতে দুই শতাধিক কংগ্ৰেছ নেতা-কর্মী উলস্থিত থাকে।