গুৱাহাটী

৩০ ছেপ্টেম্বৰ

বিজেপি চৰকাৰখনে চাকৰিৰ নামত ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাত হোৱা কেলেংকাৰীৰ পৰা বিজেপি চৰকাৰখনৰ চাকৰিৰ নামত চলাই থকা ছিণ্ডিকেটৰাজ ৰাইজৰ আগত ফাদিল হৈ পৰিল বুলিও মন্তব্য দেৱব্ৰত শইকীয়াৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দিছপুৰ মানবেন্দ্ৰ শৰ্মা ভৱনত থকা কাৰ্যালয়ত কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে কৰা গণতান্ত্ৰিক প্ৰতিবাদত অসম আৰক্ষীয়ে লাঠি চাৰ্জ কৰা আৰু কংগ্ৰেছ নেতা-কর্মীক গ্ৰেপ্তাৰ কৰা কাৰ্যক বিৰোধী দলপতি গৰাকীয়ে কঠোৰ ভাষাৰে গৰিহণা দি কয় যে ইয়াৰ জৰিয়তে স্বেচ্ছাচাৰী শাসন চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে অসমৰ ৰাইজৰ প্ৰতি কৰা অন্যায়, ডেকা যুৱক-যুৱতী সকলৰ ভৱিষ্যতক লৈ কৰা হেতালি আদিৰ বিৰুদ্ধে বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদক দমন কৰিব বিচাৰিছে। কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত অসম আৰক্ষীয়ে কেনেকৈ প্ৰৱেশ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি বিৰোধী দলপতি গৰাকীয়ে ইয়াৰ এক তদন্ত কৰিবলৈও দাবী জনায়।

সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যে, মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰাই নিযুক্তিৰ ছিণ্ডিকেট আৰু কেলংকাৰীবোৰ চলাই আছে, সেই কথা তেওঁলোকৰ আচৰণৰ পৰাই আজি ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু এই কেলেংকাৰী সমূহ লুক-ঢাক দি ৰাইজৰ আৰৰ পৰা বাচিবলৈ বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদকো গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী প্ৰশাসনৰ জৰিয়তে দমন কৰিবলৈ প্ৰচেষ্টা কৰিছে। যিটো দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ পাত্ৰ বুলিও মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে তেওঁ দিয়া এটাও প্ৰতিশ্ৰুতি আজিলৈ সম্পূৰ্ণ কৰিব নোৱাৰিলে, মাত্ৰ মুখত হাঁহি বিৰিঙাই দুৰ্নীতিমুক্ত চৰকাৰ আৰু বৰাক-ব্ৰহ্মপুত্ৰৰ উন্নয়নৰ কথা বাতে-পথে গুণগুণাই থাকিলেই স্বচ্ছ শাসন চলোৱাটো নুবুজাই। এই সকলোবোৰৰ বিপৰীতে তেওঁ অসমৰ ৰাইজক প্ৰবঞ্চনাহে কৰি আছে বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰা হ’ব, কিন্তু অসম চুক্তিৰ মূল আত্মাকে মোহাৰি “কা” আনিলে। ব্ৰহ্মপুত্ৰ খনন হ’ব বুলি কৈছিল, এতিয়া খননৰ ‘খ’ টোকো বিচাৰি নাপাই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব বুলি কৈছিল, এতিয়া বাকী আৰু ফাকিৰে এওঁলোকক প্ৰতাৰণা কৰি আছে। ইয়াৰ উপৰিও শিক্ষা বিভাগৰ সমূহ নিযুক্তি ছয় মাহৰ ভিতৰত কৰা হ’ব বুলি কৈছিল, প্ৰতি বছৰে ৫ লাখ নিবনুৱাক নিযুক্তি দিম বুলি কৈছিল, ২৪ ঘন্টা বিজুলী প্ৰদান কৰা হ’ব, চাহ শ্ৰমিক সকলক ৩৫০ টকা মজুৰি দিয়া হ’ব ইত্যাদি সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালৰ সকলোবোৰ প্ৰতিশ্ৰুতি জুমলা, দুৰ্নীতিমুক্ত কৰাত ব্যৰ্থ হোৱা আৰু ৰাজ্যৰ যুৱক-যুৱতী সকলৰ ভৱিষ্যতক লৈ হেতালি খেলা তথা অনিয়ম আৰু ছিণ্ডিকেটৰাজৰ ভৰালত পৰিণত হৈ পৰা পাপিষ্ঠ চৰকাৰখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা সৰ্বান্দন সোণোৱালে পদত্যাগ কৰি নতুনকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈও দেৱব্ৰত শইকীয়াই দাবী জনায়।