কুন্দন ভৰালী

নগাঁও 

৮ জানুৱাৰী

বিজেপি প্ৰতিশোধ পৰায়ণ আৰু হিংসুক চৰকাৰ। বঢ়মপুৰত বিজেপি চৰকাৰক তুলা-ধূলা লুৰিণজ্যোতি গগৈৰ। পুঁঁজিপতিৰ স্বাৰ্থত কাম কৰা এইখন চৰকাৰৰ বাবে আৰক্ষীৰ দ্বাৰা ভয় খুৱাই অথবা ভীতি প্ৰদৰ্শন কৰি খিলঞ্জীয়াৰ ভূমি দখল কৰাটো তেনেই সাধাৰণ কথা বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে।

বিজেপিক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰখনৰ দিনত গণতন্ত্ৰ নাই। বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰান্টৰ লালুং গাঁও আৰু আমদঙাৰ নীপিড়িত কৃষক সকলৰ কাষত উপস্থিত হৈ এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে প্ৰতিশোধ পৰায়ণ আৰু হিংসুক এই চৰকাৰখনে কৃষকৰ দুখ-বেদনা কোনো কাৰনত নুবুজে। পুঁঁজিপতি তথা বনিক গোষ্ঠীৰ লগত এই চৰকাৰখনৰ ভিতৰুৱাকৈ বুজাবুজি আছে। চৰকাৰখনেই ই আই এ ২০২০ বলবৎ কৰিব বিচাৰিছে। চৰকাৰ তথা প্ৰশাসনক সকিয়াই দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে আমাৰ স্পষ্ট দাবী নীৰিহ কৃষকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক।কাৰাবন্দী কৃষক সকলক মুকলি কৰি দিয়ক। ন্যায়ালয়ত বিচাৰাধীন ভূমিত কোম্পানী স্থাপন বন্ধ কৰক নহ’লে গণতান্ত্ৰিক সংগ্ৰাম চলিবই।অসমৰ জনজাতীয় আৱেষ্টনীৰ মাজত থকা ভূমিৰ অধিকাৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোক সকলক দিবই লাগিব। আনহাতে বৰ্তমান ৰাজনৈতিক মহলত চৰ্চা চলি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসম জাতীয় পৰিষদ দলত যোগদানৰ সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰশ্ন কৰাত তেওঁ কয় যে বৰ্তমান বিভিন্ন ৰাজনৈতিক দলে জাতীয় পৰিষদত যোগদান কৰাৰ বাবে যোগাযোগ চলায় আছে গতিকে এই সকলোবোৰ দলে সিদ্ধান্ত ল’ব আগন্তুক দিনবোৰত। কৃষক নেতা অখিল গগৈ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে চৰকাৰে আক্ৰুশ মূলক ভাৱে অখিল গগৈক জেলত ৰাখিছে।

উল্লেখযোগ্য যে মিকিৰ বামুণীত উপস্থিত হোৱাৰ পূর্বে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বঢ়মপুৰস্থিত শ্বহীদ বেদিত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপস্থিত ৰাইজ কয় যে আগন্তুক দিনবোৰ অসমৰ ৰাইজৰ জাতীয় জীৱনৰ বাবে অগ্নি পৰীক্ষা। ৰাইজৰ আৱেগ অনুভূতি বোৰ ভোটলৈ পৰিবৰ্তন কৰাৰ সময়। সপোনৰ অসমখনক ঘূৰাই অনাৰ স্বাৰ্থত অসম জাতীয় পৰিষদক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।