গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : বিজেপি হতাও , দেশ বচাও শ্লো গানেৰে এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল থীম ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ।
বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলৰ জৰিয়তে কমিউনিষ্ট পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে সমগ্ৰ দেশৰ বাবে অসম ৰাজ্য পৰিষদৰ তৰফৰ পৰা কেইটামান অসমৰ জ্বলন্ত সমস্যাসমূহ দাঙি ধৰিবৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে।
নিৰ্বাচনী ইস্তাহাৰখনত অসমক বিশেষ ৰাজ্য মৰ্যাদা দিয়া, বিদ্ৰোহী সমস্যাৰ ৰাজনৈতিক সমাধান, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, অসমৰ সীমা সুৰক্ষা, নিবনুৱা সমস্যা সমাধান, গুৱাহাটী চহৰৰ প্ৰদূষণ, বানপানী সমস্যাৰ স্থায়ী সমাধান আদি দাবীসমূহৰ বিষয়ে উল্লেখ কৰে ।
সংবাদমেলত ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ ২০১৪ চনৰ জয়ে ভাৰতবৰ্ষৰ ৰাজনীতি চৰম পন্থাৰ ফালে ঢাল খুৱাই লৈ গল। আৰ এছ এছ আৰু সমগ্ৰ সংঘ পৰিবাৰে দেশৰ ৰাষ্ট্ৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিল ।
দেশৰ জাতীয় অৰ্থনীতি মোদী চৰকাৰে ৰাষ্ট্ৰখণ্ডৰ লাভজনক প্ৰতিষ্ঠান বিলাক নিবি নিয়োজন কৰি নোটবন্দী, জি এছ টি আদিৰ জৰিয়তে কৰা অৰ্থনৈতিক বিপৰ্য্যৰ ফলত দেশৰ কৰ্মসংস্থান নোহোৱা হল। মোদী চৰকাৰে পাঁচ বছৰীয়া শাসনকালত দিয়া বিকাশৰ প্ৰতিশ্ৰুতি সকলো অথলে গল।
সেয়েহে এই নিৰ্বাচনত মোদী চৰকাৰক পৰাস্ত কৰি জনসাধাৰণৰ স্বাৰ্থত কাম কৰা এটা গণতান্ত্ৰিক ধর্ম নিৰপেক্ষ চৰকাৰ কেন্দ্ৰত যাতে গঠন কৰিব পাৰে তাৰ বাবে এই নিৰ্বাচনৰ ৰায় জনসাধাৰণৰ ৰায় বুলি পৰিগণিত হব লাগিব বুলি মন্তব্য কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদে।
আনহাতে এইবাৰৰ লোকসভা নিৰ্বাচনত দুটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছে। যোৰহাটত কনক গগৈ আৰু লখিমপুৰত অৰূপ কলিতাক প্ৰাৰ্থী দিয়া হৈছে।