গুৱাহাটী, সংবাদ ৩৬৫, ১০ মেঃ যি সময়ত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আৰু সাংসদ সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সাপেক্ষে মাত মাতি আহিছে সেই সময়তে গুৱাহাটীৰ সাংসদ তথা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে এই আইনখনৰ বিৰোধিতা কৰিছে। বিজেপিৰ সাংসদ গৰাকীয়ে অসম ১৯৭১ চনলৈকে অবৈধ বিদেশীৰ বোজা বহন কৰি আছে গতিকে অসমে আৰু বিদেশীৰ বোজা বহন কৰিব নোৱাৰে। যদি হিন্দু বাংলাদেশীক সংস্থাপ দিব লাগে তেন্তে অন্যান্য ৰাজ্য বোৰে সমানে হিন্দু বাংলাদেশীৰ বুঝা বহন কৰক বুলি মন্তব্য প্ৰকাশ কৰে। বিজয়া চক্ৰৱৰ্তীয়ে বৃহস্পতিবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।